আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ…

আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ।

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ বিছৱাত প্ৰায় দুদিন ধৰি গৃহবন্দী হৈ থকা আম আদমী পাৰ্টিৰ (আপ) সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৫১/১০৭ ধাৰাৰ অধীনত মঙলবাৰে সিঙৰ লগতে আন ১৫ জনক গ্ৰেপ্তাৰ কৰে।

সিঙে কয়, লখিমপুৰ খেৰীত এখন বাহনে কৃষকসকলক মহতিয়াই নিয়া ভিডিঅ’টোৰ পৰা এটা কথা স্পষ্ট হৈ যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো কৃষকসকল চৰকাৰৰ বাবে পোক-পতংগতকৈ আন একো বেছি নহয়।

আনহাতে এই প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ নীৰৱতাক লৈও প্ৰশ্ন উত্থাপন কৰে সিঙে।

লগতে অভিযুক্তজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।

Leave a Comment