এনেকৈয়ে গুচি গ’ল তেৱোঁ! জনপ্ৰিয় অভিনেতা নীতেশ পাণ্ডেৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু…

নিউজ ডেস্কঃ হঠাৎ গুচি গ’ল আন এগৰাকী জনপ্ৰিয় অভিনেতা!

বিগত প্ৰায় দুটা বছৰত কেইবাগৰাকীও তাৰকা শিল্পীৰ আকস্মিক মৃত্যুৰ পিছত এইবাৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে আন এগৰাকী অভিনেতাই।

বুধবাৰে মহাৰাষ্ট্ৰৰ নাছিকৰ এখন হোটেলত উদ্ধাৰ হয় ওম শান্তি ওম খ্যাত জনপ্ৰিয় অভিনেতা নীতেশ পাণ্ডেৰ।

জানিব পৰা মতে, ৫০ বৰ্ষীয় অভিনেতাগৰাকীয়ে এখন ধাৰাবাহিকৰ দৃশ্যগ্ৰহণৰ বাবে নাছিকৰ ইগাটপুৰীৰ এখন হোটেলত বাহৰ পাতি আছিল।

বুধবাৰে সেই হোটেলখনতে মৃত অৱস্থাত উদ্ধাৰ হয় অভিনেতাগৰাকী। প্ৰাথমিক তদন্তত নীতেশ পাণ্ডেৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে, ১৯৯০ চনত মঞ্চাভিনয়ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰা নীতেশ পাণ্ডেয়ে ১৯৯৫ চনত তেজস নামৰ এটা টিভি শ্ব’ত প্ৰথমবাৰৰ বাবে কাম কৰাৰ সুযোগ লাভ কৰিছিল।

ইয়াৰ পিছতে কেইবাখনো ধাৰবাহিকত অভিনয় কৰি নীতেশ পাণ্ডেয়ে দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰে।

পৰৱৰ্তী সময়ত শ্বাহৰুখ খানৰ ওম শান্তি ওম (২০০৭), মেৰে য়াৰ কি ছাদি হ্যেয় (২০০২), ডাবাং ২ (২০১২), মিকি ভাইৰাছ (২০১৩), ছাদি কে চাইড ইফেক্টছ (২০১৪), হাণ্টাৰৰ (২০১৫), মাদাৰী (২০১৬), ৰেংগুন (২০১৭), বধাই দো (২০২২) আদি কেইবাখনো ছবিত অভিনয় কৰে নীতেশ পাণ্ডেয়ে।

ইয়াৰোপৰি তেওঁ কুচ তোহ লোগ কহেংগে, প্যাৰ কা দৰ্দ হ্যে মীথা মীথা প্যাৰা প্যাৰা, এক ঋষি সাঝেদাৰী কা, ইণ্ডিয়াৱালী মা আৰু হিৰো-গায়ব মোড অন আদি কেইবাখনো ধাৰাবাহিকৰ অংশও আছিল। শেষবাৰৰ বাবে তেওঁক অনুপমাত দেখা গৈছিল।