শোকাবহ! গাঁৱৰ আলি এৰি ঘাইপথত উঠিবলৈ লওতেই তীব্ৰবেগী বাহনে মহতিয়াই নিলে বাইক, ৩ বন্ধুৰ মৃত্যু

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ তালাছাৰীৰ সমীপৰ মুম্বাই-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিবলগীয়া হয় তিনি বন্ধুৱে।

আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ তালাছাৰী তালুকৰ ইভাদপাড়াৰ সূত্ৰকাৰ ফাটাৰ সমীপত মুম্বাই অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনে এখন বাইকক মহতিয়াই নিয়াত মৃত্যু ঘটে ৩ যুৱকৰ।

নিহত যুৱক তিনিজনক সুনীল বাড়কাৰ (২৪), কিশোৰ কাম্বাদী (২০) আৰু বিক্ৰম কাম্বাদী (২৪) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, যুৱক তিনিজনে একেখন বাইকেৰে গাঁৱৰ আলি এৰি ৰাষ্ট্ৰীয় ঘাইপথত উঠিবলৈ লওতেই তীব্ৰবেগত অহা এৰ্টিগা বাহনখনে তেওঁলোকক মহতিয়াই নিয়ে।

এই দুৰ্ঘটনাত সুনীল আৰু কিশোৰৰ থিতাতে মৃত্যু ঘটে। আনহাতে আহত বিক্ৰম কাম্বাদীক সংকটজনক অৱস্থাত হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে যুৱকজনৰো।

ঘটনাৰ পিছতে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।