নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত বুধবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ৭ জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন কেইবাজনো।
জানিব পৰা মতে, কিষ্টৱাৰৰ ডাংডুৰু পাৱাৰ প্ৰজেক্টৰ সমীপত দুৰ্ঘটনাত পতিত হয় পাৱাৰ প্ৰজেক্টৰ শ্ৰমিক কঢ়িয়াই অনা ক্ৰুইজাৰ বাহনখন।
বাহনখন নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাত ৭ জন শ্ৰমিকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন কেইবাজনো।
আহত সকলৰ এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
আহত সকলক ততাতৈয়াকৈ কিষ্টৱাৰৰ জিলা চিকিৎসালয় আৰু ডোডাৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।