মৰ্মান্তিক! এংগেজমেণ্টৰ পিছত ভাৱীস্বামীৰ সৈতে ফুৰিবলৈ গৈছিল জনপ্ৰিয় অভিনেত্ৰী বৈভৱী, দ খাৱৈত বাহনসহ বাগৰি সাৱটিলে মৃত্যুক

নিউজ ডেস্কঃ অলপতে সম্পন্ন হৈছিল এংগেজমেণ্ট। তাৰ পিছতে ভাৱীস্বামীৰ সৈতে প্ৰমোদ ভ্ৰমণলৈ গৈ হিমাচল প্ৰদেশত অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল হিন্দী আৰু গুজৰাটী ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায়ে।

যোৱা সোমবাৰে হিমাচল প্ৰদেশৰ বঞ্জাৰাত অভিনেত্ৰীগৰাকী আৰু তেওঁৰ হ’বলগীয়া স্বামীয়ে যাত্ৰা কৰা তেওঁলোকৰ ফৰ্চুনাৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ ৫০ ফুট দ খাৱৈত বাগৰি পৰাত থিতাতে প্ৰাণ হেৰুৱায় বৈভৱী উপাধ্যায়ে।

এই ভয়ংকৰ দুৰ্ঘটনাত বৈভৱীৰ ভাৱীস্বামী জয় সুৰেশ গান্ধীও গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত তেওঁক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে, অভিনেত্ৰী বৈভৱী উপধ্যায়ে ভ্ৰমণ কৰি যথেষ্ট ভাল পাইছিল। সেয়ে জয় সুৰেশ গান্ধীৰ সৈতে এংগেজমেণ্ট সম্পন্ন হোৱাৰ পিছতে তেওঁলোকে হিমাচললৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰে।

দুয়োজনে হিমাচলত উপস্থিত হৈ সোমবাৰে বঞ্জাৰাৰ তীৰ্থ উপত্যকালৈ ফুৰিবলৈ যোৱাৰ সময়তে নিয়ন্ত্ৰণহীন হৈ তেওঁলোকৰ ফৰ্চুনাৰ বাহনখন ৫০ ফুট দ খাৱৈত বাগৰি পৰে আৰু জনপ্ৰিয় অভিনেত্ৰী বৈভৱীৰ জীৱনৰ সমাপ্তি ঘটে।

উল্লেখ্য যে, চাৰাভাই ভাৰ্ছেচ চাৰাভাই ধাৰাবাহিকৰে অজি জনপ্ৰিয় হৈ পৰা বৈভৱীয়ে পৰৱৰ্তী সময়ত আন বহু ছবি আৰু ধাৰাবাহিকত অভিনয়ৰ সুযোগ লাভ কৰিছিল।

দীপিকা পাডুকনৰ ‘ছপাক’ ছবিতো কাম কৰাৰ সুযোগ পাইছিল বৈভৱীয়ে। ইয়াৰোপৰি চলিত বৰ্ষত মুক্তিলাভ কৰা ‘তিমিৰ’ ছবিখনতো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছিল বৈভৱীয়ে।

আন কেইবাখনো হিন্দী আৰু গুজৰাটী ধাৰাবাহিক, ৱেব চিৰিজত অভিনয় কৰা বৈভৱীৰ অকাল মৃত্যুৱে শোকাহত কৰিছে তেওঁৰ অনুৰাগীৰ লগতে ছবিপ্ৰেমীসকলক।