দুঃখবৰ! পুৱা শৰীৰ চৰ্চা কৰি গা ধুবলৈ বাথৰুমত সোমাই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মিষ্টাৰ ইণ্ডিয়া খিতাপজয়ী শৰীৰ চৰ্চাবিদ প্ৰেমৰাজ আৰোৰাৰ…

নিউজ ডেস্কঃ হঠাৎ আহিল আন এক দুঃসংবাদ!

সমগ্ৰ দেশত বিগত প্ৰায় দুবছৰত আকস্মিক মৃত্যুৰ ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। ইতিমধ্যে খেলি থাকোতে, ব্যায়াম কৰি থাকোতে, গাড়ী চলাই থাকোতে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ সংসাৰ এৰিছে কেইবাগৰাকীও নামী-বেনামী ব্যক্তিয়ে।

সেই আকস্মিক মৃত্যুৰ তালিকাতে আকৌ যোগ হ’ল আন এটা প্ৰখ্যাত নাম।

দেশৰ প্ৰখ্যাত শৰীৰচৰ্চাবিদ তথা প্ৰাক্তন মিষ্টাৰ ইণ্ডিয়া প্ৰেমৰাজ আৰোৰাৰ আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে তেওঁৰ অলেখ অনুৰাগীৰ।

জানিব পৰা মতে, ৰাজস্থানৰ নিৱাসী শৰীৰ চৰ্চাবিদ প্ৰেমৰাজ আৰোৰাই শুকুৰবাৰে দৈনিক শৰীৰ চৰ্চাৰ পিছত গা ধুবলৈ বাথৰুমত সোমাইছিল।

কিন্তু বহু সময় ধৰি বাথৰুমৰ পৰা তেওঁ ওলাই নহাত পৰিয়ালৰ সদস্য চিন্তিত হৈ পৰে।

পিছত বাথৰুমত দুৱাৰ ভাগি ভিতৰত প্ৰৱেশ কৰাত শৰীৰ চৰ্চাবিদগৰাকী অজ্ঞান হৈ পৰি থকা প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে।

লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয় যদিও হৃদৰোগত আক্ৰান্ত হৈ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপজয়ী শৰীৰ চৰ্চাবিদগৰাকীৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে চিকিৎসকে।

উল্লেখ্য যে, ৪২ বছৰীয়া প্ৰেমৰাজ চৌহানে ২০১২-১৩ চনত ৰাজস্থানৰ শ্ৰেষ্ঠ পাৱাৰ লিফ্টাৰৰ খিতাপ অৰ্জন কৰিছিল।

২০১৪ চনত তেওঁ মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰাৰ লগতে প্ৰেমৰাজৰ নামত আছে দুবাৰকৈ মিষ্টাৰ ৰাজস্থানৰ খিতাপো।

শৰীৰ চৰ্চাৰে আন অনেক বঁটা অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰেমৰাজ আৰোৰাই শেহতীয়াকৈ অন্য যুৱক-যুৱতীক শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।

উল্লেখ্য যে, দুদিন পূৰ্বে একেদৰেই বাথৰুমৰ ভিতৰত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল প্ৰসিদ্ধ অভিনেতা নীতেশ পাণ্ডেৰ।