অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! ৰে’ল দুৰ্ঘটনাই কাঢ়ি নিছিল দুয়োখন ভৰি, সোঁহাতৰ লগতে আনখন হাতৰ দুটা আঙুলি, হুইল চেয়াৰত বহিয়েই UPSCত সাফল্য সংগ্ৰামী সূৰজৰ…

নিউজ ডেস্কঃ ৬ বছৰ পূৰ্বে এক ৰে’ল দুৰ্ঘটনাত পতিত হৈ দুয়োখন ভৰি আৰু সোঁহাতখনৰ লগতে বাওঁ হাতৰো দুটা আঙুলি হেৰুৱাই চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল যুৱকজন।

যুৱকজনৰ শৰীৰ হুইল চেয়াৰত বন্দী হৈ পৰিছিল ঠিকেই কিন্তু এই পংংগুত্বক যেন আঁকোৱালি ল’বপৰা নাছিল মনটোৱে।

সেয়ে জীৱনক জয় কৰিবলৈ মনটোৱে প্ৰতিদিনেই সন্ধান কৰিছিল এটা নতুন বাটৰ। আৰু অৱশেষত সেই বাটেই যেন বিচাৰি পালে তেওঁ।

সদ্যঘোষিত ইউপিএছচি অসামৰিক পৰক্ষী-২০২২ৰ ফলাফলত সাফল্য অৰ্জন কৰি আজি পংগুত্বক কেৱল এক শাৰীৰিক বাধা হিচাপে প্ৰমাণ কৰিবলৈ সক্ষম হয় যুৱকজনে।

image 74

এই যুৱকজনেই হৈছে উত্তৰ প্ৰদেশৰ মৈনপুৰীৰ নিৱাসী সূৰজ তিৱাৰী।

জানিব পৰা মতে, ২০১৭ চনত গাজিয়াবাদৰ দাদৰীত এক ৰে’ল দুৰ্ঘটনাত পতিত হৈছিল সূৰজ। য’ত তেওঁ দুয়োখন ভৰি, সোঁহাতখন হেৰুওৱাৰ লগতে আনখন হাতৰো দুটা আঙুলি চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল।

কিন্তু শৰীৰৰ এনে বাধাৰ ওচৰত হাৰ নামানি হুইল চেয়াৰত বহিয়েই ইউপিএছচিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে সূৰজ তিৱাৰীয়ে। যাৰ পৰিণামস্বৰূপে তেওঁ সফলতাও অৰ্জন কৰে।

image 75

সূৰজ তিৱাৰীৰ এই সাফল্যত আনন্দ ব্যক্ত কৰি তেওঁৰ পিতৃ ৰমেশ কুমাৰ তিৱাৰীয়ে কয়, ‘সফলতা অৰ্জন কৰিবলৈ সূৰজৰ বাবে তিনিটা আঙুলিয়েই যথেষ্ট। মই মোৰ সন্তানক লৈ আজি গৌৰৱাম্বিত।’

উল্লেখ্য যে, মঙলবাৰে ঘোষণা কৰা ইউ পি এছ চি ২০২২ৰ ফলাফলত ক্ৰমে ইশিতা কিশোৰ, গৰিমা লোহিয়া, উমা হাৰাথি এন আৰু স্মৃতি মিশ্ৰই শীৰ্ষ চাৰিটা স্থান দখল কৰিছে। অসমৰ পৰা ময়ুৰ হাজৰিকাই পঞ্চমস্থান লাভেৰে সাফল্য অৰ্জন কৰে।