অসমীয়াৰাষ্ট্ৰীয়

অসমৰ জোঁৱাই হ’ল অভিনেতা আশীষ বিদ্যাৰ্থী! ফেশ্বন ডিজাইনাৰ ৰূপালী বৰুৱাৰ সৈতে সম্পন্ন হ’ল বিয়া…

নিউজ ডেস্কঃ অসমৰ জোঁৱাই হ’ল প্ৰখ্যাত অভিনেতা আশীষ বিদ্যাৰ্থী।

অসমৰ জীয়াৰী ৰূপালী বৰুৱাৰ সৈতে সম্পন্ন হ’ল অভিনেতগৰাকীৰ বিবাহ।

বৃহস্পতিবাৰে কলকা্তাৰ এটা ক্লাবত ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাৰ সৈতে সম্পন্ন হয় আশীষ বিদ্যাৰ্থীৰ বিবাহ।

image 72

উল্লেখ্য যে, কেৰালাত জন্মগ্ৰহণ কৰা ৬০ বৰ্ষীয় অভিনেতাগৰাকীয়ে হিন্দীৰ লগতে তেলেগু, বাঙালী, মালায়লম আদি আন বহু ভাষাৰ ছবিত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

অভিনয় দক্ষতাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।

image 73

অন্যহাতে গুৱাহাটীৰ নিৱাসী ৰূপালী বৰুৱা কলকাতাৰ এখন ফেশ্বৰ ষ্ট’ৰৰ সৈতে জড়িত হৈ আছে। কলকাতাতে তেওঁলোকৰ মাজত প্ৰথম চিনাকি হৈছিল।