চলিছে চৰ্চা- হিন্দু ধৰ্ম গ্ৰহণ কৰিছে হলীউডৰ অভিনেতা ডায়েন জনছনে! সত্য কি?

নিউজ ডেস্কঃ সামাজিক মাধ্যমত বতাহৰ দৰে বিয়পি পৰা কেইখনমান ফটো আৰু এটা খবৰে আৱেগিক কৰি তুলিছে নেট ব্যৱহাৰকাৰীক।

কান্ধত নামাৱলী, ডিঙিত ৰুদ্ৰাক্ষৰ মালা আৰু হাতত আৰতিৰ থালি লৈ কোনো এক হিন্দু মন্দিৰৰ সন্মুখত অনন্য ৰূপত দেখা গৈছে হলীউডৰ প্ৰসিদ্ধ অভিনেতা তথা প্ৰাক্তন ৰেষ্টলাৰ ডায়েন জনছনক।

‘দ্য ৰক’ৰ এই ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি হিন্দুত্ববাদীয়ে কৰিছে এটা ভাবুক পোষ্ট।

খ্ৰীষ্টান ধৰ্ম এৰি অভিনেতাগৰাকীয়ে সনাতনী ধৰ্ম গ্ৰহণ কৰা বুলি দাবী কৰা হৈছে এই ফটো শ্বেয়াৰ কৰি।

নভৱা-নিচিন্তাকৈয়ে দ্ৰুতগতিত শ্বেয়াৰ হৈছে এই ফটো আৰু পোষ্ট। হিন্দুৰ ধৰ্মীয় আৱেগ উঠলি তুলিব পৰা এই ফটো কেইখনে স্বাভাৱিকতে লাভ কৰিছে চৰ্চা।

কিন্তু AIৰ এই অত্যাধুনিক যুগত হলীউডৰ প্ৰসিদ্ধ অভিনেতাগৰাকীৰ এই ভাইৰেল ফটো কেইখন কিমান সঁচা বা মিছা সেয়া বিশ্লেষণ কৰাৰ সময় পোৱা নাই কোনেও।

দৰাচলতে হলিউডৰ অভিনেতাগৰাকীৰ এই ফটোকেইখন আৰ্টিফিচিয়েল ইণ্টালিজেন্সৰ দ্বাৰা নিৰ্মিত।

দেখিলে একেবাৰে বাস্তৱ যেন লগা ফটো কেইখনক লৈ বিভ্ৰান্তি হোৱাটো একেবাৰে স্বাভাৱিক।

যাৰ বাবে এই ফটো কেইখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বহুতে আৰু ‘হিন্দু হৃদয় সম্ৰাট’ নামেৰে ডাইন জনছনক অভিনন্দন জনাইছে অনেকে।