অসম
25 seconds ago
এক প্ৰতিভাৰ অকাল বিয়োগ! চেন্নাইতে শেষকৃত সম্পন্ন কৰা হ’ব কিশোৰ দাসক…
অলেখ সপোন আছিল বুকুত। নাচি-বাগি ভালপোৱা ল’ৰাটোৰ মুখত লাগি আছিল চিনাকি সেই মিঠা হাঁহি। নিজস্ব ষ্টাইলেৰে লাখ লাখ দৰ্শকৰ মন মোহা সেই কিশোৰ দাসৰ মৃত্যুৰ খবৰে এতিয়া ব্যথিত কৰি তুলিছে ৰাজ্যবাসীক। কোনোদিনে উভতি নহাৰ বাটে গ’লগৈ মৰমীয়াল হাঁহিৰে সকলোৰে মন জয় কৰা কিশোৰে। যেতিয়া ‘পুষ্পা’ ছবিৰ জনপ্ৰিয় ‘ঝুকেগা নেহি’ সংলাপ…
অসম
47 mins ago
১০৮ৰ সেৱাক লৈ অসন্তুষ্ট শিলাদিত্য দেৱ, ফেচবুকত কৰিলে এইবুলি পোষ্ট…
২৪ ঘণ্টাই ৰাইজৰ সেৱাত উচৰ্গিত ১০৮ এম্বুলেন্স সেৱা। যিকোনো পৰিস্থিতিত সাধাৰণ জনতাক চিকিৎসালয়লৈ লৈ যোৱা বিশেষ ভূমিকা পালন কৰি আহিছে ১০৮ সেৱাই। অৱশ্যে বিভিন্ন সময়ত ১০৮ সেৱাত ফোন কৰি সঁহাৰি নোপোৱাৰ অভিযোগ নোহোৱাও নহয়। সাধাৰণ জনতাই বিভিন্ন সময়ত এনে হাৰাশাস্তিৰ কেতিয়াবা সন্মুখীন হয়। কিন্তু এইবাৰ সাধাৰণ জনতাই নহয়, স্বয়ং শাসকীয়…
অসম
3 hours ago
মথাউৰি কাটি শিলচৰ চহৰত জলপ্ৰলয় নমাই অনাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক, সহযােগীৰ সন্ধান অব্যাহত
নিউজ ডেস্কঃ কাছাৰ জিলাৰ বেথুকান্দি মথাউৰি কাটি শিলচৰত জলপ্ৰলয়ৰ সৃষ্টি কৰাৰ অভিযোগত কাছাৰ আৰক্ষীয়ে শেহতীয়াকৈ এজন লোকক গ্ৰেপ্তাৰ কৰে। কাছাৰৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে কাবুল খান নামৰ এজন স্থানীয় লোকক এই গোচৰত গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে…
অসমীয়া
5 hours ago
চাওক আপোনাৰ দৈনিক ৰাশিফল
দৈনিক ৰাশিফলঃ ৩ জুলাই, দেওবাৰ মেষ ৰাশি- আপোনাৰ বাবে দিনটো জটিল হ’ব পাৰে। বিষয়বোৰ সমাধান কৰিবলৈ চেষ্টা কৰোঁতে পৰিকল্পনা আৰু দৃষ্টিভংগীৰ পৰিৱৰ্তন হ’ব পাৰে। ব্যৱসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। অত্যাধিক খং পৰিহাৰ কৰক। আপোনাৰ খঙৰ বাবে আজি আপুনি অপমানিত হ’ব পাৰে। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব। মাতৃৰ…
অসমীয়া
5 hours ago
শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি প্ৰতিযোগিতামূলক পৰীক্ষাত শীৰ্ষ স্থান লাভ এগৰাকী ছাত্ৰৰ, ৰচিছে চিকিৎসক হোৱাৰ সপোন
নিউজ ডেস্কঃ দৃঢ় মনোৱল আৰু গভীৰ আত্মবিশ্বাস থাকিলে যে কোনো বাধাই লক্ষ্য পথৰ হেঙাৰ হ’ব নোৱাৰে, সেই কথাই আকৌ এবাৰ প্ৰমাণ কৰি দিলে এগৰাকী বিশেষভাৱে সক্ষম ১৪ বছৰীয়া ছাত্ৰই। ৫ বছৰ বয়সৰ পৰাই হুইল চেয়াৰতে বহি জীৱনৰ এটা নতুন সুযোগ প্ৰদান কৰিব বিচৰা এছ গোকুলাকৃষ্ণন নামৰ ছাত্ৰজনে ৰাষ্ট্ৰীয় মিন-কাম-মেৰিট স্ক’ৰ…
অসম
5 hours ago
আৰক্ষীৰ জালত KLOত যোগদান কৰিবলৈ যোৱা ৬ যুৱক…
KLOত যোগদান কৰিবলৈ যোৱা ৬ যুৱকক আটক। নাগালেণ্ডৰ মন জিলাৰ পৰা আটক কৰা হৈছে যুৱককেইজনক। অসম আৰক্ষী আৰু নাগালেণ্ড আৰক্ষীয়ে আটক কৰি কোকৰাঝাৰলৈ আনে ৬ যুৱকক। আটকাধীন যুৱককেইজন অপন বৰ্মন, তাপছ ৰায়, মনোজ ৰায়, বিষ্ণু বৰ্মন, বিপ্লৱ ৰায় আৰু বিশ্বজিৎ ৰায়। সম্প্ৰতি আটকাধীন যুৱক কেইজনক জেৰা অব্যাহত ৰাখিছে কোকৰাঝাৰ আৰক্ষীয়ে।
অসমীয়া
6 hours ago
মণিপুৰৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা ১১ গােৰ্খা ৰাইফলছৰ জােৱানৰ মৃতদেহ স্বগৃহলৈ প্ৰেৰণ…
নিউজ ডেস্কঃ মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনাই শোকস্তব্ধ কৰি ৰাখিছে সকলোকে। সেই ভূমিস্খলনে প্ৰাণ কাঢ়ি নিলে অনেক জনৰ। মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে জানিবলৈ দিয়া মতে, নোনে জিলাৰ এই ভূমিস্খলনত মৃত্যু ঘটিছে ৮১ জনৰ। এতিয়াও ৫৫ জন সন্ধানহীন হৈ আছে ধ্বংসস্তূপৰ মাজত। নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত সংঘটিত ভূমিস্খলনত প্ৰাণ হেৰুওৱা…
অসম
6 hours ago
ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক তুলসী ওজা আৰু নাই…
অসমৰ ঢুলীয়া সংস্কৃতিৰ অন্যতম ধ্বজাবাহক তুলসী ওজা আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল লোকবাদ্যৰ সাধকগৰাকী। বি বৰুৱা কেন্সাৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ঢোল সম্ৰাট তুলসী নেওগ ওজা। মৃত্যুৰ সময়ত প্ৰায় ৯০ বছৰ বয়স আছিল ওজাৰ। অসমৰ ঢুলীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত এইগৰাকী প্ৰবীণ শিল্পীৰ আছিল বিশেষ অৱদান। এসময়ত ঢোলৰ…
অসমীয়া
7 hours ago
গুচি গ’ল কিশোৰ! নশ্বৰ দেহ স্বগৃহলৈ ঘূূৰাই অনাৰ ক্ষেত্ৰত দেখা দিছে জটিলতাই
নিউজ ডেস্কঃ অজান দেশলৈ গুচি গ’ল কিশোৰ দাস। অসমৰ উদীয়মান অভিনেতাগৰাকীৰ মৃত্যুৰ বাতৰিয়ে আজি শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক। মিউজিক ভিডিঅ’ৰ জৰিয়তে সকলোৰে মাজত পৰিচিত হৈ পৰা সদায় হাঁহি থকা ল’ৰাটো আজি নাই, সেই কথা যেন বিশ্বাসেই কৰিব পৰা নাই কোনেও। কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিশোৰ দাস। কিছু দিন গুৱাহাটীৰ হেল্থ…
অসম
8 hours ago
অসমৰ মুখ্যমন্ত্ৰীলৈ বাংলাদেশৰ বিখ্যাত আম উপহাৰ দিলে শ্বেখ হাছিনাই
এইয়া আমৰ বতৰ! আমৰ বতৰতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ উপহাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ। অসমৰ মুখ্যমন্ত্ৰীলৈ শ্বেখ হাছিনাৰ উপহাৰ হিচাপে পঠালে আম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বাংলাদেশৰ বিখ্যাত আম্ৰপালি আম উপহাৰ হিচাপে পঠালে শ্বেখ হাছিনাই। ২ কুইণ্টল উৎকৃষ্ট আম উপহাৰ দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ পৰা আম…
অসম
8 hours ago
ৰাষ্ট্ৰীয় উদ্যানত এনকাউন্টাৰ! বনকৰ্মীৰ গুলীত নিহত এজন চোৰাংচিকাৰী…
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলীৰ ঘটনা। বনকৰ্মীৰ গুলীত নিহত এজন চোৰাংচিকাৰী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মাজনিশা চোৰাংচিকাৰী আরু বন সুৰক্ষা কৰ্মীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। যাৰ ফলত বনকৰ্মীৰ গুলীত নিহত হয় এজন চোৰাংচিকাৰীৰ। উদ্যানৰ কাছমাৰী আৰু চন্দনপুৰ বন শিবিৰ মাজত সংঘটিত হয় গুলীয়াগুলীৰ ঘটনা। নিহত চিকাৰীটোৰ পৰা এখন দা আৰু কিছু খাদ্য সামগ্ৰী…
অসম
8 hours ago
আৰক্ষীৰ জালত তিনি ম’ষ্ট ৱাণ্টেদ ডকাইত…
যোৰাবাট আৰক্ষীৰ জালত দুধৰ্ষ ডকাইতৰ গেং। শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এখন তেল পৰিবাহী টেংকাৰৰ পৰা আটক এই তিনি দুধৰ্ষ ডকাইত। আটক শিলচৰৰ তিনি ম’ষ্ট ৱাণ্টেদ ডকাইত। ধৃত তিনি ডকাইত হৈছে কমৰুল ইছলাম, আব্দুল হুছেইন বাৰভূঞা আৰু আনোৱাৰ হুছেইন লস্কৰ। দীৰ্ঘদিন ধৰি শিলচৰৰ বিভিন্ন স্থানত ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এই…
অসম
8 hours ago
শোকাৱহ! চলন্ত আল্ট্ৰা বাছৰ পৰি কৰুণ মৃত্যুক সাৱটিলে এগৰাকী যাত্ৰীয়ে…
বকোৰ চকাবাহাত অঘটন। এখন যাত্ৰীবাহী আল্ট্ৰা বাছৰ পৰা পৰি এজন লোক থিতাতে নিহত হয়। বকোৰ জে এন কলেজৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। নিহত লোকজন জিতু ৰাভা (৪০) বুলি চিনাক্ত কৰা হৈছে। জীতু ৰাভাৰ ঘৰ গোৱালপাৰা জিলাৰ ধুপধৰা থানাৰ অন্তৰ্গত মাছলাম গাঁৱত বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণ মতে বকো…
অসম
8 hours ago
শোকাৱহ! কলৰ ভূৰৰ পৰা পৰি সলিল সমাধি ঘটিত এজন যুৱকৰ…
এক শোকাৱহ ঘটনা। কলৰ ভূৰৰ পৰা পৰি সলিল সমাধি ঘটিত এজন যুৱকৰ চাবুৱাৰ থানাই চাহ বাগিছা বৰ লাইনৰ সমীপৰ পথাৰত কলৰ ভূঁৰ চলায় থকা অৱস্থাত পানীত ডুবি এজন যুৱকৰ সলিল সমাধি ঘটে। পথাৰত কলৰ ভূঁৰ চলায় থকা অৱস্থাত পানীত ডুবি অকাল মৃত্যু হয় কমল শ্বেৰে নামৰ এজন যুৱকৰ। শুকুৰবাৰে ৰৌমৰীয়া…
অসমীয়া
8 hours ago
জোৰ কৰি সাঁতোৰ শিকাবলৈ নিয়াই হ’ল কাল! চুইমিং পুলত ডুবি মৃত্যু ৯ বছৰীয়া শিশুৰ
নিউজ ডেস্কঃ চুইমিং পুলত সাঁতোৰ শিকি থকাৰ সময়তে শুকুৰবাৰে এটি ৯ বছৰীয়া শিশু ডুব গৈ সলিল সমাধি ঘটাৰ ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে। এই শোকাবহ ঘটনাটো সংঘটিত হৈছে পশ্চিমবঙ্গৰ হাওৰাৰ ‘স্বামীজী সংঘ’ নামৰ এটা ক্লাবৰ চুইমিং পুলত। বিদিপ্ত ঘোষ নামৰ শিশুটোৱে অন্য দিনাৰ দৰে সেইদিনাও সাঁতুৰিবলৈ শিকি থাঁকোতেই সংঘটিত হয়…
অসম
9 hours ago
কটনৰ ঐতিহ্যত কালিমা! কটন বিশ্ববিদ্যালয়ৰ হোষ্টেলত মাৰপিটৰ ঘটনা, আহত কেইবাজনো…
ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত মাৰপিটৰ ঘটনা। কটন বিশ্ববিদ্যালয়ৰ দুই হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা। বিশ্ববিদ্যালয়খনৰ শ্বহীদ মোজাম্মিল হক ছাত্ৰাবাস আৰু ৰজনী কান্ত বৰদলৈ হোষ্টেলৰ ছাত্ৰৰ মাজত সংঘটিত হৈছে মাৰপিটৰ ঘটনা সংঘটিত হয়। অভিযোগ মতে, কটন বিশ্ববিদ্যালয় শ্বহীদ মোজাম্মিল হকৰ ছাত্ৰাৱাসৰ আৱাসীক আৰ কে বি হোষ্টেলৰ ছাত্ৰই মাৰপিট কৰা লগতে…
অসমীয়া
9 hours ago
৫০০০ ফুট উচ্চতাত ধোঁৱাৰে ভৰি পৰিল যাত্ৰীবাহী বিমান! জৰুৰী অৱতৰণ
নিউজ ডেস্কঃ মাটিৰ পৰা ৫ হাজাৰ ফুট উচ্চতাত ধোঁৱাময় হৈ পৰিল এখন যাত্ৰীবাহী বিমান। যাৰ বাবে জৰুৰী অৱতৰণ কৰিবলগীয়া হয় যাত্ৰীবাহী বিমানখন। এই ঘটনা সংঘটিত হৈছে শনিবাৰে। জানিব পৰা মতে, শনিবাৰে পুৱা দিল্লীৰ পৰা জবলপুৰ অভিমুখে উৰা মৰা স্পাইছজেটৰ এখন যাত্ৰীবাহী বিমানৰ উৰণৰ কিছু সময়ত পিছতে কেবিনত ধোঁৱা প্ৰত্যক্ষ হয়।…
আন্তঃৰাষ্ট্ৰীয়
9 hours ago
আন্তঃৰাষ্ট্ৰীয় সীমান্তত উদ্ধাৰ ৩ বছৰীয়া পাকিস্তানী শিশু, পৰিয়ালক গতাই দিয়ে বিএছএফে
নিউজ ডেস্ক। ভুলক্ৰমে ভাৰতৰ সীমাত প্ৰৱেশ কৰা এটি ৩ বছৰীয়া শিশুক পুনৰ পৰিয়ালক গতাই দিলে ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে। এই ঘটনা ভাৰতৰ পঞ্জাৱৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ। ঘটনাটো ১ জুলাই অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৰাজ্যখনৰ ফিৰোজপুৰ চেক্টৰত সংঘটিত হয়। বিএছএফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, সীমান্ত সুৰক্ষা বাহিনীৰ জােৱানে…
অসমীয়া
9 hours ago
কৰ্তব্যৰত অৱস্থাত বলীউডৰ গীতত ৰীল ভিডিঅ’ বনাই বিপদত মহিলা আৰক্ষী! ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৩ জনক নিলম্বন
নিউজ ডেস্কঃ ৰীল ভিডিঅ’ বনাই আজিকালি সামাজিক মাধ্যমত জনপ্ৰিয় হোৱাৰ মানসিকতা সহজলভ্য হৈ পৰিছে। ঘৰৰ ড্ৰয়িং ৰুমেই হওক বা ৰাজপথৰ ট্ৰেফিক পইণ্ট, সুযোগ পালেই মোবাইল ফোনটো উলিয়াই লৈ মুখৰ দহটা অংগী ভংগী দি ৰীল ভিডিঅ’ বনোৱা দেখা যায় বহুতকে। এনে ৰীল ভিডিঅ’ৰ জৰিয়তে ৰাতিটোৰ ভিতৰতে ভাইৰেলো হৈ পৰিছে বহুজন। কিন্তু…
অসমীয়া
10 hours ago
মণিপুৰত মৃত্যুৰ কিৰিলি! ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ ঘটনা বুলি অভিহিত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ
নিউজ ডেস্কঃ মৃত্যুৰ বিভীষিকাই ভয়াবহ ৰূপ ধাৰণ কৰিছে উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত। নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত বুধবাৰে নিশা সংঘটিত ভয়ংকৰ ভূমিস্খলনক মণিপুৰৰ ইতিহাসৰ আটাইতকৈ ভয়াবহ ঘটনা বুলি অভিহিত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে। সংবাদ সংস্থা এএনআইৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এয়া ৰাজ্যৰ ইতিহাসৰ আটাইতকৈ ভয়াৱহ ঘটনা। আমি…
অসম
10 hours ago
দুঃখবৰ! নিয়তিৰ ওচৰত হাৰ মানিলে উদীয়মান অভিনেতা কিশোৰ দাসে…
ৰাজ্যবাসীৰ বাবে এক দুঃখবৰ। উদীয়মান অভিনেতা কিশোৰ দাস আৰু নাই। দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে। ৰক্তৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল কিশোৰ দাসে। শনিবাৰে চেন্নাইত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা কিশোৰ দাসে। কিছু দিন পূৰ্বে কিশোৰ উন্নত চিকিৎসাৰ বাবে গৈছিল…
অসম
10 hours ago
ভাস্কৰৰ মহানুভৱতা! ভোট জলকীয়া বেচি বান সাহায্যৰ বাবে আগবঢ়ালে ৫১ হাজাৰ টকা…
এগৰাকী অসমীয়া যুৱ কৃষকৰ মহানুভৱতা, আগবঢ়ালে বান সাহায্য। ভোট জলকীয়া বেচি পোৱা লাভৰ অংশ আগবঢ়ালে মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ। যোৰহাট জিলাৰ টীয়ক হাঁহচৰাৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই উৎপাদন কৰা ভোট জলকীয়া বিক্ৰী কৰি পোৱা লাভৰ এক অংশ মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ দান কৰে। বান সাহায্য হিচাপে ৫১ হাজাৰ টকাৰ চেক মুখ্যমন্ত্ৰীৰ হাত…
অসমীয়া
10 hours ago
মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন গোলকগঞ্জৰ অভিযন্তা কমলেশ তালুকদাৰ! পৰিয়ালত হাহাকাৰ
নিউজ ডেস্কঃ মণিপুৰৰ ভূমিস্খলনে আন এক শোকবাৰ্তা কঢ়িয়াই আনিছে অসমলৈ! মণিপুৰত নোনে জিলাত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত সন্ধানহীন আছে ৰে’লৱে বিভাগৰ এগৰাকী অভিযন্তা। গোলকগঞ্জৰ কমলেশ তালুকদাৰ নামৰ অভিযন্তাগৰাকী টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মানস্থলীত সংঘটিত ভূমিস্খলনৰ পিছৰে পৰাই সন্ধানহীন হৈ থকাত এতিয়া উদ্বিগ্ন হৈ পৰিছে পৰিয়াল। জানিব পৰা মতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ…
অসমীয়া
11 hours ago
জব্দ কৰা বোমা আদালতত দাখিল কৰাৰ সময়তে ঘটিল বিস্ফোৰণ! আহত এজন আৰক্ষী বিষয়া
নিউজ ডেস্কঃ আৰক্ষীয়ে জব্দ কৰা বোমা আদালতত দাখিল কৰাৰ সময়তে সংঘটিত হ’ল বিস্ফোৰণ। যাৰ ফলত আহত হয় এজন আৰক্ষী বিষয়া। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বিহাৰৰ ৰাজধানী পাটনাৰ এখন চিভিল আদালতত। জানিব পৰা মতে, আৰক্ষীয়ে বোমাটো আদালতলৈ লৈ অনাৰ পিছতে হঠাৎ বোমাটো বিস্ফোৰণ ঘটে। যাৰ ফলত আদালতত ক্ষন্তেক সময়ৰ বাবে…
অসমীয়া
11 hours ago
বান্ধৱীৰ ঘৰলৈ পঢ়িবলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈ সন্ধানহীন দুই ছাত্ৰী! পৰিয়ালত হাহাকাৰ
নিউজ ডেস্কঃ বান্ধৱীৰ ঘৰলৈ পঢ়িবলৈ যাও বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা দুগৰাকী ছাত্ৰী সন্ধানহীন হৈ থকাক লৈ শংকিত হৈ পৰিছে পৰিয়াল। তেজপুৰৰ বিহগুৰিৰ মৈলা গাঁও আৰু জাকৰুৱা চুবুৰীৰ দুগৰাকী হাইস্কুলৰ ছাত্ৰী সন্ধানহীন হৈ আছে বৃহস্পতিবাৰৰ পুৱাৰে পৰা। ছাত্ৰী দুগৰাকীক বিচাৰি চৌদিশ চলাথ কৰাৰ পিছতে দুয়োৰে কোনো সন্ধান লাভ…
অসম
11 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনা! তীব্ৰেবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহী কৰুণা ডেকাক, মৃত্যু…
এক শোকৱাহ পথ দুৰ্ঘটনা। তীব্ৰেবেগী ট্ৰাকে মহতিয়াই নিলে এগৰাকী বাইক আৰোহীক। দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে কৰুণা ডেকা নামৰ বাইক আৰোহীগৰাকী। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ছিপাঝাৰৰ মটৰ ষ্টেচনত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, বাইক আৰোহীজনক প্ৰথমে মেজিক এখনে খুন্দিয়াই৷ মেজিকৰ খুন্দাত চিটিকি গৈ তীব্ৰবেগী ট্ৰাকৰ তলত সোমাই…
অসম
12 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনা! ৰথযাত্ৰা সামৰি ঘৰলৈ ওভতা যাত্ৰী কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত, কেইবাজনো…
এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰথযাত্ৰা সামৰি ঘৰলৈ ওভতা যাত্ৰী কঢ়িওৱা ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো লোক আহত। চৰাইদেউ জিলাৰ সদৰ সোণাৰিত ৰথ যাত্ৰা সামৰি ঘৰলৈ ওভতা যাত্ৰী কঢ়িয়াই নিয়া ট্ৰেক্টৰ দুৰ্ঘটনাগ্রস্ত। সোণাৰি নগৰৰ চেনিগুদামত বাগৰিল এ এছ ০৪ এ চি ৯৯৮০ নম্বৰৰ ট্ৰেক্টৰখন। প্ৰায় অৰ্ধশতাধিক যাত্ৰীক কঢ়িয়াই নিছিল ট্ৰেক্টৰখনে। দুৰ্ঘটনাত গুৰুতৰভাৱে…
অসম
12 hours ago
প্ৰকৃতিয়ে ধ্বংসলীলা চলোৱা মণিপুৰত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা…
মণিপুৰৰ ন’নে জিলাত বুধবাৰে নিশা সংঘটিত হোৱা ভয়াৱহ ভূমিস্খসলনত মুঠ ৮১ জন লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। মণিপুৰক ভাৰতীয় ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ ন’নে জিলাত চলি থকা ৰে’ল লাই নিৰ্মাণৰ কামত ব্যস্ত থকা শ্ৰমিক আৰু ইয়াৰ সুৰক্ষাত নিয়োজিত হৈ থকা টেৰিটৰিয়েল আৰ্মি, ৰে’লৱৰ বিষয়া এই ভূমিস্খলনৰ ঘটনাত মৃত্যু মুখত…
অসম
13 hours ago
ৰহস্যজনক! প্ৰেমিকাৰ খুৰাকৰ ঘৰৰ পিছফালে উদ্ধাৰ প্ৰেমিকৰ মৃতদেহ…
এক ৰহস্যজনক ঘটনা। প্ৰেমিকাৰ খুৰাকৰ ঘৰৰ পিছফালে উদ্ধাৰ প্ৰেমিকৰ মৃতদেহ। হোজাইৰ মোৰাঝাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷ মোৰাঝাৰৰ দীঘলজাৰ গাঁৱৰ ছায়দুল ইছলাম নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়, ছায়দুলৰ প্ৰেমিকাৰ খুৰকৰ ঘৰৰ পাছফালৰ পুখুৰী পাৰত৷ মৃত ছায়দুল বিগত মাহৰ ২৭ জুন সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল৷ ইপিনে ছায়ুদলৰ পৰিয়ালে…
অসম
1 day ago
আলফা স্বাধীনৰে ভয়ংকৰ সংঘৰ্ষ সেনা-আৰক্ষীৰ! নিহত আলফাৰ দুৰ্ধৰ্ষ কেডাৰ
নিউজ ডেস্কঃ তিনিচুকীয়া জিলাৰ কাকোপথাৰত শুকুৰবাৰে সংঘটিত সেনা আৰু আলফা স্বাধীনৰ মাজৰ সংঘৰ্ষত আলফাৰ এজন দুৰ্ধৰ্ষ কেডাৰ নিহত হয়। জানিব পৰা মতে, কাকোপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দ পথাৰ মাজগাঁও গাঁৱৰ এটা ঘৰত ৬জনীয়া আলফা স্বাধীনৰ কেডাৰৰ এটা দল আত্মগোপন কৰি থকাৰ গোপন খবৰ লাভ কৰাৰ পিছতে সেনা আৰু আৰক্ষীয়ে যুটীয়াভাৱে…