মৰ্মান্তিক! চোতালত খেলি থকা পৰা বন্ধ গেটৰ তলেৰে সৰকি নিচেই সমীপৰ ৰে’ল লাইনত উপস্থিত হ’ল এটি দুবছৰীয়া কণমানি, ৰে’লৰ খুন্দাত মৃত্যু

নিউজ ডেস্কঃ ঘৰৰ নিচেই সমীপৰ ৰে’লৱে ট্ৰেকত তীব্ৰবেগী ৰে’লৰ খুন্দাত মৃত্যু ঘটিল এটি দুবছৰীয়া কণমানিৰ।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ কান্নামমুডুৰ সমীপৰ এডাভা কাপ্পিলত।

নিহত কণমানিটিৰ পৰিচয় এ কে জি ভৱনৰ নিৱাসী আব্দুল আজিজ আৰু ইছুজীৰ কন্যা ছুহৰিন বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ঘৰৰ চোতালত ভাতৃ-ভগ্নীৰ সৈতে খেলি আছিল দুবছৰীয়া ছুহৰিনে। কাষতে থিয় হৈ আছিল মাতৃ।

কিছুসময় পিছত মাতৃ ইছুজীয়ে ল’ৰা-ছোৱালীকেইটাৰ বাবে খোৱা বস্তু আনিবলৈ পাকঘৰলৈ যোৱাৰ সময়তে কণমানি ছুহৰিণে বন্ধ গেটৰ তলেৰে সৰকি নিচেই সমীপত থকা ৰে’লৱে ট্ৰেকত উপস্থিত হয়।

সম্ভৱতঃ শিশুটিয়ে ৰে’ল লাইন পাৰ হ’বলৈ লওতেই এখন দ্ৰুতবেগী ট্ৰেইনে শিশুটিক খুন্দা মাৰে। যাৰ ফলত শিশুটিৰ থিতাতে মৃত্যু ঘটে।

পৰিয়ালৰ অন্যমনস্কতাৰ বাবে শিশুটিৰ এনে কৰুণ মৃত্যুৱে শোকাহত কৰিছে অঞ্চলবাসীক।