ৰাষ্ট্ৰীয়অসমীয়া

শোকাৱহ! সেনা জােৱান কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাত পতিত, শ্বহীদ ৯ সেনা

নিউজ ডেস্ক। পুনৰ এক শােকাৱহ পথ দুৰ্ঘটনাত শ্বহীদ হ’ল সেনা জােৱান।

এইবাৰ ঘটনাৰ স্থান কেন্দ্ৰীয় শাসিত লাডাখ অঞ্চল।

শনিবাৰে সন্ধিয়া লাডাখৰ কিয়াৰী চহৰৰ সমীপৱৰ্তী অঞ্চলত সংঘটিত এই দুৰ্ঘটনাত শ্বহীদ হয় ৯ জনকৈ সেনা জােৱান।

জানিব পৰা মতে, লেহৰ পৰা নিয়ােমালৈ কনভয়ৰ সৈতে যাত্ৰা কৰা এখন এএলএছ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ খাৱৈত বাগৰি পৰে।

Ladakh 1

এই ট্ৰাকখনত এজন সেনা বিষয়াৰ সৈতে ৯ জন জােৱান আছিল। ইয়াৰে বিষয়াসহ ৯ জনে মৃত্যু ঘটে যদিও এজন সেনা জােৱানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Ladakh 2

শ্বহীদ সেনা জােৱানকেইজনৰ নাম হৈছেঃ

নায়ব চুবেদাৰ ৰমেশ লাল, হাবিলদাৰ মহেন্দ্ৰ সিং, বিজয় কুমাৰ, নায়ক এন চন্দ্ৰ শেখৰ, নায়ক তেজপাল, গ্ৰেনেডিয়াৰ মনমােহন, অংকিত, তৰনদীপ সিং, ভইতে বৈভৱ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ মৰ্মান্তিক! পানীত পৰি দুই শিশুৰ মৃত্যুৰ শােকত ভাগি প্ৰাণত্যাগ মাতৃৰাে

FI 1

Leave a Reply

Your email address will not be published. Required fields are marked *