ভাৰত-বাংলা সীমান্তত জব্দকৃৎ ৰহস্যময় পাত্ৰত ওলাল ৬ কােটি টকা মূল্যৰ সৰ্পৰ বিষ! (Snake Venom)

ভাৰত-বাংলা সীমান্তত জব্দকৃৎ ৰহস্যময় পাত্ৰত ওলাল ৬ কােটি টকা মূল্যৰ সৰ্পৰ বিষ! (Snake Venom)

June 5, 2020 0 By NEWS DESK

Sanke Venom Worth Rs. 6Cr Seized at Indo-Bangla Border

হনী ঝাঁঝৰী। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই পােহৰলৈ আহিল বন্যপ্ৰাণীৰ ওপৰত মানুহৰ নৃশংসতাৰ অন্য এক খবৰ।

সীমা সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ অভিযানত ভাৰত-বাংলাদেশ সীমান্তত জব্দ কৰা হ’ল বৃহৎ পৰিমাণৰ সৰ্পৰ বিষ (Snake Venom) ।

আন্তঃৰাষ্ট্ৰীয় ক’লা বজাৰত এই প্ৰায় ১ কিলাে ওজনৰ সৰ্পৰ বিষৰ মূল্য ৬ কােটি টকা।

উল্লেখ্য যে বিএছএফৰ উত্তৰ বংগ ফ্ৰন্টিয়াৰৰ ১৯৯ নং বেটেলিয়নৰ অন্তৰ্গত দীঘিপাৰা সীমান্ত চকীৰ জােৱানসকলে জব্দ কৰে এজন ব্যক্তিৰ পৰা জব্দ কৰে এখন বিশেষ পাত্ৰ।

পাছত তদন্তত পােহৰলৈ আহে যে সৰ্পৰ বিষক পাউডাৰলৈ পৰিৱৰ্তন কৰি চােৰাং বজাৰত বিক্ৰীৰ বাবে সাজু কৰা হৈছিল এই পাত্ৰ।

পাত্ৰটােৰ ওপৰত Made in France বুলি উল্লেখ কৰা আছে।

জানিব পৰা মতে, বিভিন্ন ঔষধ নিৰ্মাণৰ বাবে প্ৰয়ােজন হােৱাৰ লগতে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈও বহুতে সৰ্পৰ বিষ সংগ্ৰহ কৰে।

Rattle snake in tall grass.

ইয়াৰ বাবে একাংশ চােৰাং চিকাৰীয়ে নিধন কৰে বৃহৎ সংখ্যক বিষাক্ত সৰ্প।

লগতে চাওকঃ

বিশ্বৰ ভিতৰত সর্বোচ্চ উচ্চতাৰ ধনিয়াৰে গীনিজ বুক ৱর্ল্ড ৰেকর্ড গঢ়িলে এগৰাকী কৃষকে !

কৰ’ণাত আক্ৰান্ত হৈ দেশৰ এইখন ৰাজ্যত ৩০ গৰাকীকৈ আৰক্ষীয়ে হেৰুৱালে প্ৰাণ !

লক্ষ্য চীন-ম্যানমাৰ সীমান্ত! অসমত মােতায়েন অত্যাধুনিক চিনুক (Chinook) হেলিকপ্টাৰ