অসমঅসমীয়া

অৱশেষত আৰক্ষীৰ জালত পৰিল অঞ্জু দৰ্জী (Anju Dorjee) ৰ হত্যাকাণ্ডত অভিযুক্ত মণি খান

নিউজ ডেস্ক। মহানগৰীৰ ছয়মাইল অঞ্চলৰ এটা এপাৰ্টমেন্টত যােৱা ১২ নৱেম্বৰত বােকাজানৰ যুৱতী অঞ্জু দৰ্জীৰ হত্যাৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান।

দিছপুৰ আৰক্ষীৰ অভিযানত আটক হ’ল অঞ্জু দৰ্জীৰ (Anju Dorjee) ৰ লিভ-ইন পাৰ্টনাৰ মণি খান।

জানিব পৰা মতে, মহানগৰীৰ হাতীগাঁও অঞ্চলত আত্মগােপন কৰি থকা অৱস্থাত মণি খানক আটক কৰে দিছপুৰ আৰক্ষীয়ে।

Anju Dorjee Murder Case
মণি খানৰ সৈতে অঞ্জু দৰ্জী

সম্প্ৰতি এই ঘটনা সংক্ৰান্তত মণি খানক জেৰা চলাইছে আৰক্ষীয়ে।

উল্লেখ্য যে ছয়মাইল অঞ্চলৰ এপাৰ্টমেণ্টত পূৰ্বৰে পৰা বিবাহিত হাউলীৰ মণি খানৰ সৈতে লিভ-ইন সম্পৰ্কত বাস কৰিছিল অঞ্জুৱে। কিন্তু কি পৰিস্থিতিৰ এপাৰ্টমেন্টৰ বন্ধ কােঠালিত অঞ্জুৰ মৃত্যু ঘটিল, সেয়া এতিয়াও অস্পষ্ট।

মণি খানৰ আটক সন্দৰ্ভত এতিয়াও কােনাে আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই দিছপুৰ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *