গুৱাহাটীঃ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ শােকত প্ৰাণ গ’ল যুৱকৰ

নিউজ ডেস্ক। আহমেদাবাদত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত পৰাজিত হ’ল ভাৰত। ভাৰতৰ এনে অনাকাংক্ষিত পৰাজয়ৰ পিছতে গুৱাহাটীত প্ৰাণ গ’ল এজন যুৱকৰ।

মৃত যুৱকজনৰ পৰিয়ালৰ মতে, ভাৰতৰ পৰাজয়ৰ পিছত শােক ভাগি পৰি প্ৰাণ গ’ল ২੦ বছৰীয়া যুৱকজনৰ।

Mrinal Majumdar 1
গুৱাহাটীঃ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ শােকত প্ৰাণ গ’ল যুৱকৰ 3

গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছে এই ঘটনা।

পৰিয়ালৰ লােকে প্ৰকাশ কৰা অনুসৰি, দেউবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেল চাই আছিল মৃণাল মজুমদাৰ নামৰ আইটিআইৰ ছাত্ৰজনে। কিন্তু ভাৰতৰ পৰাজয়ৰ পিছতে শোকাত ভাগি পৰে মৃণাল।

আনকি কান্দােন যুৱকজনে নিশা কান্দােনত ভাগি পৰাৰ লগতে খাদ্য গ্ৰহণ নকৰাকৈয়ে শুই পৰে।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, নিশা কেইবাবাৰো বিচনাৰ পৰা উঠাৰ পিছতে কোঠাত প্ৰাঞ্জলক অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়।

পিছত যুৱকজনক তাতলিকে চিকিৎসালয়লৈ নিছিল যদিও তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে বুলি চিকিৎসকে প্ৰকাশ কৰে। যুৱকজনৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে।

লগতে চাওকঃ

Anju-Dorjee Murder
গুৱাহাটীঃ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ শােকত প্ৰাণ গ’ল যুৱকৰ 4

অৱশেষত আৰক্ষীৰ জালত পৰিল অঞ্জু দৰ্জী (Anju Dorjee) ৰ হত্যাকাণ্ডত অভিযুক্ত মণি খান

Leave a Comment