মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মা (Devashish Sharma) কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ নির্বাচিত

নিউজ ডেস্ক। ‘দীপশিখা ফাউণ্ডেশ্যন’ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে ৰাজ্যৰ কৰ্কট ৰােগীসকলৰ বাবে দীৰ্ঘদিন ধৰি নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শর্মা (Devashish Sharma) কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে নির্বাচিত।

Also Read: Devashish Sharma Elected as Chairman of Cancer Care India

সৰ্বভাৰতীয় পর্যায়ৰ এই গুৰুত্বপূর্ণ সংগঠনৰ অধ্যক্ষ হিচাপে নির্বাচিত ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া দেৱাশিস শৰ্মাই নিৰ্বাচিত হোৱাৰ খবৰে মৰিগাঁও জিলাখনৰ লগতে তেওঁৰ শুভাকাঙ্খীসকলৰ মাজত আনন্দ কঢ়িয়াই আনিছে।

Devashish-Sharma-Cancer-Care
Devashish Sharma

উল্লেখ্য যে দেৱাশিস শর্মাই ‘দীপশিখা ফাউণ্ডেশ্যন’ নামৰ এই সংস্থাটোৰ জৰিয়তে অসমৰ উপৰি সমগ্র দেশৰ দৰিদ্ৰ কৰ্কট ৰোগীসকলৰ বাবে উল্লেখযোগ্য সেৱা আগবঢ়াই আহিছে।

বিশেষকৈ কৰ্কট ৰোগৰ চিনাক্তকৰণ, চিকিৎসা আৰু সজাগতা সৃষ্টিৰ ক্ষেত্ৰত তেওঁ বিশিষ্ট সেৱা আগবঢ়াই অহাৰ লগতে ক’ভিড-১৯ ৰ সময়তাে মুম্বাইস্থিত অসম হাউছৰ আৱাসিক আয়ুক্ত হিচাপে ভাৰতৰ অন্যান্য চহৰৰ কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

কেন্সাৰ কেয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ হিচাপে তেওঁৰ নিৰ্বাচনত মৰিগাঁও জিলাৰ বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

উল্লেখ্য যে দেৱাশীষ শৰ্মা দীপশিখা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক। তেওঁ প্ৰতিষ্ঠাপক সভাপতি আৰু ট্ৰাষ্টী হিচাপে বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ কেন্সাৰ ৰোগীসকললৈ নিস্বাৰ্থ সেৱা আগবঢ়াই গৈছে।

যোৰহাটত জন্ম গ্ৰহণ কৰা দেৱাশীষ শৰ্মাই ইংৰাজীত স্নাতক ডিগ্ৰী আৰু জনসংযােগত স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰাৰ পিছত ১৯৯২ চনত এচিএছ হিচাপে যোগদান কৰিছিল। তেওঁৰ কৰ্মজীৱনত বিভিন্ন গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল, ১৯৯৬ চনত তদানীন্তন অসমৰ ৰাজ্যপাল, লেফটেনেন্ট জেনেৰেল এছ কে সিনহাৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু ২০০৩ চনত মুম্বাইত অসম ভৱনৰ আৱাসিক আয়ুক্ত হিচাপে কাৰ্বনিৰ্বাহ কৰাৰ লগতে ২০২১ চনৰ মে’ মাহত তেওঁ গুৱাহাটী মহানগৰ নিগমৰ আয়ুক্ত হিচাপে নিযুক্ত হৈছিল। ২০২২ চনৰ আগষ্ট মাহৰ পৰা বৰ্তমানলৈ তেওঁ অসমৰ মৰিগাঁও জিলাৰ জিলা আয়ুক্ত হিচাপে কাৰ্য কৰি আছে।

Leave a Comment