সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠন

নিউজ ডেস্ক। অসমৰ নাৰী সমাজৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখাৰ গঠন। এই উপলক্ষে কামৰূপ জিলাৰ বকোস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালৰ সভাগৃহত কামৰূপ মহানগৰ জিলা শাখাৰ সভানেত্ৰী নন্দিতা চলিহাৰ সভাপতিত্বত অলপতে এখন বিশেষ সভা অনুষ্ঠিত হয়।

All-Assam-Female-Writers-Meet
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠন 3

উক্ত সভাত লেখিকা নিলিমা বড়া, দৰ্পণা নেওগ, কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদিকা ড° সোণালী বড়া হাজৰিকাকে ধৰি বহু কেইগৰাকী লেখিকাই অংশগ্ৰহণ কৰে।

সভাৰ আৰম্ভণিত বকো মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী মীৰা মহন্তই বন্তি প্ৰজ্বলন কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে সাহিত্য এটা জাতিৰ দাপোন গতিকে সাহিত্য এৰি কোনো এটা জাতি জনজাতিৰ উন্নয়ন সাধন কৰিব নোৱাৰে। বন্তি প্ৰজ্বলনৰ পাছতেই “চিৰ চেনেহী মোৰ ভাষা জননী” সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰে।

All Assam Female Writers Me 1
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠন 4

সভাৰ উদ্দেশ্য ভাষণ প্ৰদান কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সদস্যা সংগীতা মহন্তই। মহন্তই নিজৰ ভাষণত প্ৰকাশ কৰে যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা গঠন কৰা হব আৰু ইয়াৰ জৰিয়তে শিক্ষা, সাহিত্য আৰু সংস্কৃতি বিকাশৰ লক্ষ্যৰে বকো অঞ্চলৰ মহিলা, শিশু তথা যুৱতীসকলক সৱলীকৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হব বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা ছয়শতকৈও অধিক। সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত।

মাত্ৰ দুজন সদস্যৰে আৰম্ভ হোৱা এই আন্দোলনটোৰ বৰ্তমান সমগ্ৰ অসমতে সংগঠনটোৰ ৬০০ টাৰো অধিক শাখাত ৭০ হাজাৰৰো অধিক সদস্য আছে। কলিকতা, শিলচৰ, দিল্লী আৰু ডিমাপুৰতো ইয়াৰ শাখা আছে।

লগতে চাওকঃ জ্যেষ্ঠ সাংবাদিক মিলন মহন্তৰ কাব্যগ্ৰন্থ “আমি দুখত নাই” উন্মোচন বিশিষ্ট কবি নীলিম কুমাৰৰ

লেখিকা নিলিমা বড়াই নিজৰ ভাষণত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বিভিন্ন নিয়ম নীতি, সংবিধানৰ বিষয়ে আলোকপাত কৰাৰ লগতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ জন্মদাতা ড° শ্বীলা বৰঠাকুৰৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাৰোহৰ সোণালী জয়ন্তী দুৱাৰডলিত বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি মহিলা, যুৱতী তথা শিশুসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাই।

উল্লেখযোগ্য যে, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখাৰ সভানেত্ৰী তথা সম্পাদিকা হিচাপে নিৰ্বাচিত কৰে ক্ৰমে সংগীতা মহন্ত আৰু নিভা অধিকাৰীক। সাত জনীয়া সদস্যাৰে এই সমিতিৰ গঠন হোৱা বুলি নৱনিযুক্ত সভানেত্ৰী সংগীতা মহন্তই জানিবলৈ দিয়ে।

বকোৰ মৌচুমী পাঠক কলিতা, জৱা পাঠক ডেকা, দুলুমণি দাস কলিতা, অৰ্পণা সৰকাৰ, নিভা অধিকাৰী, গীতিকা ৰাভা বড়োৰ তৎপৰতাত সভাখন সাফল্যমণ্ডিত কৰাৰ বাবে বিশিষ্ট অতিথি সকলৰ লগতে সভাত উপস্থিত থকা সকলোৱে শলাগ লয়।

লগতে চাওকঃ নাইজেৰিয়াৰ ’কিং’ৰ বন্দীত্বৰ পৰা নিৰাপদে উদ্ধাৰ অসমৰ মহিলা বক্সাৰ

Leave a Comment