প্ৰথমবাৰৰ বাবে মানৱ দেহত বাৰ্ড ফ্লু’ৰ সংক্ৰমণ! ৭ জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছ

প্ৰথমবাৰৰ বাবে মানৱ দেহত বাৰ্ড ফ্লু’ৰ সংক্ৰমণ! ৭ জনৰ দেহত ধৰা পৰিছে এই ভাইৰাছ

February 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কোৰোনা ভাইৰাছৰ আতংক এতিয়াও হ্ৰাস পোৱা নাই জনসাধাৰণৰ মনত। বৰঞ্চ নতুনকৈ বৃদ্ধিহে পাইছে এই শংকা।

এনে সময়তে পুনৰ দেখা দিছে আন এক ভাইৰাছৰ সংক্ৰমণৰ আশংকা। সেইয়া বাৰ্ড ফ্লু’ৰ আতংক।

বৰ্তমানলৈকে বাৰ্ড ফ্লু’ৰ H5N8 ভাইৰাছ পক্ষীৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে মানৱ দেহত ধৰা পৰিছে এই ভাইৰাছ।

ৰাছিয়াত এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত প্ৰথমজন লোক ধৰা পৰিছে। এটা মূৰ্গীৰ পৰা এই ভাইৰাছ সংক্ৰমিত হৈছে।

ৰাছিয়াৰ স্বাস্থ্য বিভাগে জনাইছে যে সেই মূৰ্গীৰ পৰা ৭ জনৰ দেহলৈ বিয়োপিছে এই H5N8 ভাইৰাছ। ডিচেম্বৰৰ পৰা ৰাছিয়াত আৰম্ভ হৈছিল বাৰ্ড ফ্লু’। পূৰ্বতেও এনেদৰে এই ভাইৰাছ আহে, আৰু সংক্ৰমিত হৈ মৃত্যু হয় পক্ষীৰ। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে মানৱ দেহত ধৰা পৰিছে এই H5N8 ভাইৰাছৰ অৱস্থিতি।

ঘটনাটো সংঘটিত হৈছে ৰাছিয়াৰ দক্ষিণ প্ৰান্তত।

বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাক এই কথা জানিবলৈ দিছে ৰাছিয়াই। ৰাছিয়াৰ স্বাস্থ্য বিভাগে কয় যে ৭ জনৰ দেহত এই ভাইৰাছ ধৰা পৰিলেও এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ই সংক্ৰমণ হয়নে নহয়, সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে H5N8 ভাইৰাছ ইনফ্লুৱেঞ্জা ভাইৰাছৰ এটি প্ৰকাৰ। ই আচলতে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ দেহত ধৰা পৰে। ইয়াৰোপৰি ই পক্ষীৰ বাবে প্ৰাণ ঘাতক।

লগতে চাওকঃ

উৰণৰ পাছতে বিকল হ’ল বিমানৰ ইঞ্জিন, লাগিল জুই! ভিডিঅ’ ভাইৰেল

NO NETWORK! ম’বাইল ফোনৰ নেটৱৰ্কৰ বাবে মন্ত্ৰী উঠিল ৫০ ফুট উচ্চতাৰ দোলন যন্ত্ৰলৈ! ভিডিঅ’ ভাইৰেল

বিয়াত দৰা-কইনাক উপহাৰ দিলে পিয়াঁজ, পেট্ৰ’ল আৰু চিলিণ্ডাৰ! ভাইৰেল ভিডিঅ’

১৩৯ বছৰীয়া প্ৰকাণ্ড অট্টালিকা দাঙি লৈ গ’ল আন ঠাইলৈ! স্থানান্তৰকৰণৰ খৰচ হল ২.৯ কোটি