অক্সিজেন! ২੦ বছৰ ধৰি নিয়মীয়াকৈ আঁহত গছৰ ওপৰত চকীত বহে এজন লােক

May 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশত মহামাৰী কোৰোনাই লৈছে ভয়ংকৰ ৰূপ। কোৰোনাত আক্ৰান্ত বহুতৰে অক্সিজেনৰ অভাৱত হৈছে মৃত্যু। দেশৰ বহুতো ৰাজ্যত হৈছে অক্সিজেনৰ বাবে হাহাকাৰ অৱস্থা।

তেনে সময়তে পোহৰলৈ আহিছে এজন বৃদ্ধৰ ব্যতিক্ৰম দৃশ্য, যিয়ে দেশৰ এই অৱস্থাৰ কথা শুনি গছৰ ওপৰত বহিব পৰাকৈ ৰাখি ললে এখন চকী আৰু তাত বহি গ্ৰহণ কৰিছে বিশুদ্ধ অক্সিজেন।

সেই দৃশ্য মধ্য প্ৰদেশৰ ইন্দোৰৰ ৰাও ৰঙ্গৱাসা গাৱঁৰ। দৃশ্যটো বৰ্তমান হৈ পৰিছে ভাইৰেল।

দৃশ্যটোত দেখা অনুসৰি, ৬৭ বছৰীয়া বৃদ্ধ ৰাজেন্দ্ৰ পাটিদাৰ নামৰ লোকজনে অক্সিজেন প্ৰদান কৰা এজোপা প্ৰকাণ্ড আঁহত গছৰ ওপৰত সুন্দৰকৈ ৰাখি লৈছে এখন চকী।

সময় পালেই তেওঁ সেই চকীত বহি গ্ৰহণ কৰে বিশুদ্ধ অক্সিজেন। প্ৰায় ২০ দিন ধৰি তেওঁ কৰি আহিছে সেই কাম।

তেওঁ দাবী কৰে যে এই ব্যৱস্থাৰ বাবে ৬৭ বছৰটো তেওঁৰ দেহত অক্সিজেনৰ মাত্ৰা ৯৯ আছে। গতিকে সকলোকে তেওঁ তেনে কৰিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ দেহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰিবলৈ প্ৰনায়াম আৰু যোগ কৰা বুলিও জানিবলৈ দিয়ে।

সেয়েহে তেওঁ দাবী কৰিছে যে যিসকলে তেওঁৰ দৰে কাম কৰিব তেওঁক কোৰোনাইয়ো আক্ৰান্ত কৰিব নোৱাৰে আৰু তেওঁৰ দেহত অক্সিজেনৰ পৰিমাণো নকমে।