মেঘালয়

Best Tourism Village হিচাপে মনোনীত মেঘালয়ৰ কংথং গাওঁ, কিয় বিশেষ এই গাঁৱখন?

বিশ্ব পৰ্যটন সংস্থাৰ ‘Best Tourism Village’ হিচাপে মনোনীত মেঘালয়ৰ কংথং গাওঁ।

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে মেঘালয়ৰ কংথং গাঁৱক বিশ্ব পৰ্যটন সংস্থা (UNWTO)ৰ ‘Best Tourism Village’ হিচাপে মনোনীত কৰিছে।

কংথঙৰ উপৰিও তেলেংগানাৰ পোচাম্পল্লী আৰু মধ্য প্ৰদেশৰ লাধপুৰা খাছকো শ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে মনোনীত কৰিছে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ে।

Image

উল্লেখ্য যে, ইষ্ট খাচী হিলচৰ Khat-ar Shnong অঞ্চলৰ চোহৰালৈ যোৱাৰ পথত এই সৰু গাওঁ কংথং অৱস্থিত।

গাওঁখনৰ প্ৰাচীন পৰম্পৰা ‘Jingrwai Iawbei’ৰ বাবে পৰ্যটকসকলৰ মাজত বিশেষভাৱে জনপ্ৰিয়। 

Image

কংথঙত, যেতিয়াই এটা কেঁচুৱাৰ জন্ম হয়, তেতিয়াই মাতৃয়ে নিচুকনি গীতৰ দৰে এক সুৰৰ সৃষ্টি কৰে আৰু পিছত সেই বিশেষ সুৰেটোৱেই শিশুটোৰ সমগ্ৰ জীৱনৰ বাবে পৰিচয় হৈ পৰে।

উল্লেখ্য যে, কোনো শব্দবিহীন কেৱল এটা সুৰৰ জৰিয়তেই গাওঁবাসীয়েহে চিনাক্ত কৰিবলৈ সক্ষম হয় শিশুটিক।

Leave a Reply

Your email address will not be published. Required fields are marked *