তুৰাত আইছিছ-কেৰ ভাবুকিভৰা প’ষ্টাৰ! ২০২৭ ৰ ভিতৰত ভূমি এৰাৰ চৰম সকীয়নি

নিউজ ডেস্কঃ মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত এক উচতনিমূলক কাৰ্যই সৃষ্টি কৰিছে জনসাধাৰণৰ নিৰাপত্তাক লৈ চৰম অনিশ্চয়তা। জিলাখনৰ তুৰা চহৰৰ অৰাইমাইল অঞ্চলত কট্টৰপন্থী সংগঠন আইছিছ-কে ৰ নামত ওলোৱা এক ভাবুকিভৰা প’ষ্টাৰে সমগ্ৰ সীমান্তৱৰ্তী অঞ্চলটোৰ পৰিৱেশ উত্তপ্ত কৰি তুলিছে। বুধবাৰে পুৱা নিউ তুৰা মাটচাকোলগ্ৰে ফিল্ডৰ সমীপৰ এটা বিদ্যুৎ খুঁটাত স্থানীয় লোকে এই বিতৰ্কিত প’ষ্টাৰখন প্ৰত্যক্ষ কৰে।

উল্লেখযোগ্য যে, গাৰোসকললৈ সতৰ্কবাণী শীৰ্ষক এই পত্ৰখনত গাৰো সম্প্ৰদায়ৰ লোকসকলক ২০২৭ চনৰ ভিতৰত জিলাখনৰ পাহাৰীয়া আৰু সমতলীয় অঞ্চলৰ একাংশ ভূমি ত্যাগ কৰিবলৈ চৰম আল্টিমেটাম প্ৰদান কৰা হৈছে। এই প’ষ্টাৰখনত চৰমপন্থী সংগঠনৰ চিহ্নও ব্যৱহাৰ কৰা দেখা গৈছে। পশ্চিম গাৰো পাহাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ ভাষ্য অনুসৰি, কোনো বিশেষ স্বাৰ্থান্বেষী মহলে সমাজত বিভেদ আৰু ভীতিৰ সৃষ্টি কৰিবলৈ এনে দুষ্কাৰ্য সংঘটিত কৰে।

image 3
তুৰাত আইছিছ-কেৰ ভাবুকিভৰা প’ষ্টাৰ! ২০২৭ ৰ ভিতৰত ভূমি এৰাৰ চৰম সকীয়নি 2

ইফালে প’ষ্টাৰখনৰ আলোকচিত্ৰ আৰু ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ইয়াক জব্দ কৰে আৰু অৰাইমাইল আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে। যিহেতু উক্ত স্থানত চিচিটিভি কেমেৰাৰ ব্যৱস্থা নাই, সেয়েহে নিশাৰ আন্ধাৰৰ সুযোগ লৈ এনে কাৰ্য কৰা দোষীক চিনাক্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে।

তদুপৰি বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু অসমৰ আন্তঃৰাজ্যিক সীমান্তৰ সৈতে জিলাখনৰ ভৌগোলিক অৱস্থিতিৰ বাবে নিৰাপত্তা সংস্থাসমূহে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে ৰাইজক শান্ত থাকিবলৈ আৰু কোনো ধৰণৰ অপপ্ৰচাৰত ভোল নগৈ তদন্তত সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলিও প্ৰশাসনে স্পষ্ট কৰি দিয়ে।

Leave a Comment