এমুঠি ভাতৰ তাড়না! পুনৰ এন্ধাৰ গহ্বৰত হেৰাল ১৮ শ্ৰমিক

নিউজ ডেস্কঃ নিষিদ্ধ ঘোষিত ৰেট-হোল মাইনিঙৰ ভয়াৱহ পৰিণতিত মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত বৃহস্পতিবাৰে সংঘটিত এক ডাইনামাইট বিস্ফোৰণে কাঢ়ি নিলে ১৮ জন শ্ৰমিকৰ জীৱন। ৰাজ্যখনৰ ৰাজধানীৰ পৰা প্ৰায় ৭২ কিলোমিটাৰ দূৰৈৰ এখন গভীৰ অৰণ্যত চলি থকা এটা অবৈধ কয়লা খনিৰ ভিতৰত দিনৰ প্ৰায় ১১ বজাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। ডাইনামাইট ব্যৱহাৰ কৰি কয়লা নিষ্কাশন কৰিবলৈ চলোৱা প্ৰচেষ্টাৰ মাজতে হোৱা এই বিস্ফোৰণে খনিটোৰ ভিতৰত কাম কৰি থকা শ্ৰমিকসকলক দিশহাৰা কৰি পেলায়।

image 6
এমুঠি ভাতৰ তাড়না! পুনৰ এন্ধাৰ গহ্বৰত হেৰাল ১৮ শ্ৰমিক 4

আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জানিবলৈ দিয়া অনুসৰি, বৰ্তমানলৈকে খনিটোৰ পৰা ১৮ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এজন শ্ৰমিকক গুৰুতৰভাৱে দগ্ধ অৱস্থাত শ্বিলঙৰ হাস্পতালত ভৰ্তি কৰা হৈছে। উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে যদিও খনিটোৰ গভীৰতাত আৰু কিমান শ্ৰমিক আবদ্ধ হৈ আছে সেই সন্দৰ্ভত কোনো স্পষ্ট তথ্য লাভ কৰা নাই। স্থানীয় লোকৰ মতে, এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অধিকাংশ শ্ৰমিকেই অসমৰ বুলি জানিব পৰা গৈছে।

image 7
এমুঠি ভাতৰ তাড়না! পুনৰ এন্ধাৰ গহ্বৰত হেৰাল ১৮ শ্ৰমিক 5

এই ভয়াবহ দুৰ্ঘটনাত কমেও ৯০ জন শ্ৰমিকৰ মৃত্যু ঘটাৰ আশংকা কৰা হৈছে যদিও প্ৰশাসনৰ তৰফৰ পৰা এতিয়াও নিশ্চিত কৰা হোৱা নাই।

এই মৰ্মান্তিক ঘটনাক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, “যদিহে মৃত শ্ৰমিকসকল অসমৰ হোৱাটো নিশ্চিত হয়, তেন্তে আমি দুৰ্ভগীয়া পৰিয়ালসমূহক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াম।” মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়েও এক বিবৃতিযোগে এই কাণ্ডৰ বাবে জগৰীয়া ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

image 8
এমুঠি ভাতৰ তাড়না! পুনৰ এন্ধাৰ গহ্বৰত হেৰাল ১৮ শ্ৰমিক 6

উল্লেখ্য যে, ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে মেঘালয়ত ৰেট-হোল মাইনিং নিষিদ্ধ কৰিছিল যদিও একাংশ প্ৰভাৱশালী ব্যক্তিৰ ছত্রছায়াত এই বিপদজনক বেহা আজিও চলি আছে। চাৰি-পাঁচ ফুট উচ্চতাৰ ঠেক সুৰংগৰ ভিতৰত কোনো সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ শ্ৰমিকক নমাই দিয়া এই জঘন্য কাৰবাৰৰ বাবে ২০১৮ চনতো ১৫ গৰাকী শ্ৰমিকৰ সলিল সমাধি ঘটিছিল। বৰ্তমান আৰক্ষীয়ে অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি খনিটোৰ স্বত্বাধিকাৰীৰ সন্ধান চলাইছে।

Leave a Comment