নিউজ ডেস্কঃ মেঘালয়ত এজন অসমীয়া ব্যক্তিৰ নৃশংস হত্যাকাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ব্যৱসায়িক কাৰণত মেঘালয়লৈ গৈ হত্যাৰ বলি হ’ল গুৱাহাটীৰ তপন দে’ নামৰ এজন লোক। মেঘালয়ৰ ডাউকী অঞ্চলত সংঘটিত হয় এই হত্যাকাণ্ড। নিহত তপন দে’ আছিল গুৱাহাটীৰ বশিষ্ঠৰ নিৱাসী।
প্ৰকাশিত খবৰ অনুসৰি, যোৱা শনিবাৰে তপন দে’ই গুৱাহাটীৰ পৰা মেঘালয়লৈ যাত্ৰা কৰিছিল। এই সময়তে একাংশ দুৰ্বৃত্তই তেওঁৰ গাড়ীখন অপহৰণ কৰা বুলি অভিযোগ উঠিছে। অপহৰণকাৰীৰ দলটোৱে পাছত যুৱকজনক নিৰ্মমভাৱে হত্যা কৰি এক ভিতৰুৱা অৰণ্য অঞ্চলত মৃতদেহ পেলাই থৈ যায়।
কালি মাজনিশা তপন দে’ৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু হত্যাকাণ্ডৰ সৈতে জড়িত দুৰ্বৃত্তৰ দলটোক চিনাক্ত কৰিবলৈ তৎপৰতা চলাইছে। আজি আবেলি সময়ত পৰিয়ালে মৃতদেহটো গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পিছতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।



