শ্বিলংঃ ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ বহু চৰ্চিত হত্যাকাণ্ডৰ বিচাৰ সোমবাৰৰ পৰা শ্বিলঙৰ আদালতত আৰম্ভ হৈছে। প্ৰথম দিনাই সাক্ষ্য দিবলৈ আদালতত উপস্থিত থাকে মৃতকৰ ভাতৃ তথা অভিযোগকাৰী বিপিন ৰঘুবংশী।
এই গোচৰত ৰাজা ৰঘুবংশীৰ পত্নী সোণম ৰঘুবংশী আৰু তেওঁৰ চাৰিজন সহযোগী- ৰাজ কুশৱাহা, বিশাল সিং চৌহান, আকাশ সিং ৰাজপুত আৰু আনন্দ কুৰ্মীক অভিযুক্ত কৰা হৈছে। আদালতত সোমবাৰে সোণমৰ লগতে আন অভিযুক্ত কেইজনে নিজকে নিৰ্দোষী বুলি দাবী কৰি হত্যাৰ গোচৰৰ পৰা ৰেহাই বিচাৰে।
বিশেষ চৰকাৰী কৌচুলি কে চি গৌতমে কয় যে তদন্তত প্ৰায় ৯০ জন সাক্ষীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁ অভিযোগনামাক “পানী নসৰকা” বুলি অভিহিত কৰে। তেওঁ কয়, “আজি কেৱল বিপিন ৰঘুবংশীকহে সাক্ষ্য দিবলৈ মাতি অনা হৈছিল, কিন্তু সময়ৰ অভাৱত সেয়া সম্পূৰ্ণ কৰিব পৰা নগ’ল। পৰৱৰ্তী শুনানিৰ তাৰিখ ২৬ নৱেম্বৰৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।”
উল্লেখ্য যে, যোৱা ২ জুনত মেঘালয়ৰ ছ’হৰাৰ ৱেই সাওডং জলপ্ৰপাতৰ সমীপৰ দ খাৱৈৰ পৰা উদ্ধাৰ কৰা হৈছিল ৰাজা ৰঘুবংশীৰ মৃতদেহ। মে’ মাহত হানিমুনৰ সময়ত নিৰুদ্দেশ হৈছিল ইন্দোৰৰ ব্যৱসায়ীজন। ইতিমধ্যে ছ’হৰা থানাই দাখিল কৰিছে ৭৯০ পৃষ্ঠাৰ অভিযোগনামা।
ইষ্ট খাছি হিলছৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে এই গোচৰৰ দ্বিতীয়খন চাৰ্জশ্বীট প্ৰস্তুত কৰি থকা হৈছে আৰু নৱেম্বৰৰ তৃতীয় সপ্তাহত দাখিল কৰা হ’ব।


