মেঘালয়অসমীয়া

জলপ্ৰপাতত গা ধুই থকা মহিলাৰ গোপন ভিডিঅ’ সংগ্ৰহ; ধৰা পৰি ভৰিত ধৰি ক্ষমা খুজিবলৈ বাধ্য হ’ল উত্তৰ প্ৰদেশৰ পৰ্যটক

শ্বিলং, ৭ অক্টোবৰ। প্ৰকৃতিৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি একাংশ পৰ্যটকে সংঘটিত কৰা অশালীন কাৰ্যকলাপক কেন্দ্ৰ কৰি মেঘালয়ত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ। মেঘালয়ৰ ছোহৰাস্থিত মৌচাৱা জলপ্ৰপাতত স্নান কৰি থকা অৱস্থাত মহিলা পৰ্যটকৰ গোপন ভিডিঅ’ সংগ্ৰহ কৰাৰ অভিযোগত হাতে-লোটে ধৰা পৰে উত্তৰ প্ৰদেশৰ এজন পুৰুষ পৰ্যটক।

জানিব পৰা মতে, ৪ অক্টোবৰত সংঘটিত হয় এই লজ্জাজনক ঘটনা। জলপ্ৰপাতটোত কেইগৰাকীমান মহিলাই গা ধুই থকাৰ সময়তে ব্যক্তিজনে মোবাইল ফোনটোৰে ভিডিঅ’ কৰি থকা প্ৰত্যক্ষ কৰে এগৰাকী মহিলাই। লগে লগে তেওঁলোকে ব্যক্তিজনক জবাবদিহি কৰে যদিও আৰম্ভণিতে তেওঁ কোনো আলোকচিত্ৰ বা ভিডিঅ’ সংগ্ৰহ কৰা নাই বুলি অস্বীকাৰ কৰে। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ মোবাইল ফোনটো পৰীক্ষা কৰাত মহিলাসকলৰ ৯ৰ পৰা ১০ খন আলোকচিত্ৰৰ লগতে জুম কৰি লোৱা কেইবাটাও গোপন ভিডিঅ’ স্পষ্টকৈ উদ্ধাৰ হয়।

অপৰাধ ফাদিল হোৱাৰ পাছত অভিযুক্ত পৰ্যটকজনে নিজৰ দোষ ঢাকিবৰ বাবে হাতখন তিতা হৈ থকাৰ ফলত ভুলবশতঃ এনে হ’ল বুলি অজুহাত দেখুৱাবলৈ চেষ্টা কৰে। কিন্তু মহিলাসকলৰ কোনো সন্মতি অবিহনে গোপনে এনেদৰে ভিডিঅ’ লোৱাৰ ঘটনাত উপস্থিত লোকসকল ক্ষুব্ধ হৈ পৰে। পৰিস্থিতি বিষম দেখি ব্যক্তিজনে আঁঠু কাঢ়ি, হাতযোৰ কৰি, কাণত ধৰি মহিলাসকলৰ চৰণ স্পৰ্শ কৰি ক্ষমা প্ৰাৰ্থনা কৰে। নিজৰ ভুল স্বীকাৰ কৰি ভৱিষ্যতে কেতিয়াও এনে কাৰ্য নকৰে বুলিও প্ৰতিশ্ৰুতি দিয়ে ব্যক্তিজনে।

ইফালে, সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি জলপ্ৰপাতটোৰ এজন স্থানীয় গাইডৰ ভূমিকাক লৈও তীব্র ক্ষোভৰ সৃষ্টি হৈছে। অভিযুক্তক জবাবদিহি কৰাৰ পৰিৱৰ্তে গাইডজনে ওলোটাই মহিলাসকলৰ পোছাকক লৈহে প্ৰশ্ন উত্থাপন কৰা বুলি ভুক্তভোগী মহিলাই গুৰুতৰ অভিযোগ তুলিছে। পৰ্যটনস্থলীত নাৰীৰ সুৰক্ষা আৰু একাংশ লোকৰ এনে বিকৃত মানসিকতাক লৈ এতিয়া মেঘালয়জুৰি ব্যাপক চৰ্চা চলিছে।

NEWS DESK

Our NEWS DESK is a dedicated team of senior local reporters.

Leave a Reply

Your email address will not be published. Required fields are marked *