চুৰি গাড়ীৰ সৈতে গ্ৰেপ্তাৰ ৰেঞ্জাৰক জে’লত ভৰােৱা কাঠ ব্যৱসায়ী!

চুৰি গাড়ীৰ সৈতে গ্ৰেপ্তাৰ ৰেঞ্জাৰক জে’লত ভৰােৱা কাঠ ব্যৱসায়ী!

June 24, 2020 0 By NEWS DESK

নিউজ ডেস্ক। উৎকােচ দাবী কৰা বন বিভাগৰ এজন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাত গােচৰ দি গ্ৰেপ্তাৰ কৰােৱা জােনাইৰ এজন কাঠ ব্যৱসায়ী নিজেই গ্ৰেপ্তাৰ হ’ল গাড়ী চুৰিৰ অভিযােগত।

এই ব্যৱসায়ীজন হৈছে ধেমাজি জিলাৰ জােনাইৰ সঞ্জীৱ দাস।

উল্লেখ্য যে ডিগবৈ আৰক্ষী থানাত ৰুজ হৈ থকা এখন স্ক’ৰপিঅ’ গাড়ীৰ চুৰি ঘটনাৰে জড়িত থকাৰ অভিযােগ গাড়ীসহ গ্ৰেপ্তাৰ হ’ল ব্যৱসায়ী সঞ্জীৱ দাস।

সঞ্জীৱ দাসৰ লগতে গ্ৰেপ্তাৰ হৈছে ইলিয়াছ আলী নামৰ আন এজন লােক।

জিপিএছৰ সহায়ত চুৰি গাড়ীখনৰ সম্ভেদ লাভ কৰে তদন্তকাৰী আৰক্ষীয়ে।

ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ পৰা অহা আৰক্ষীৰ দলে বগীবিল দলঙৰ সমীপৰ পৰা ব্যৱসায়ী সঞ্জীৱ দাস আৰু ইলিয়াছ আলীক AR-09-c-6000 নম্বৰৰ স্ক’ৰ্পিঅ’ গাড়ীখনৰ সৈতে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ১৮ জুনত অসমৰ আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই ব্যৱসায়ীজনৰ অভিযােগ মৰ্মে অভিযান চলাই ব্যৱসায়ীজনৰ পৰা উৎকােচ লৈ থকা অৱস্থাত জােনাইৰ ৰেঞ্জাৰ ফকৰুল ইছলামক নগদ ৫৫ হেজাৰ টকাসহ গ্ৰেপ্তাৰ কৰিছিল।