জিৰাঙৰ পৰা হনী ঝাঁঝৰী। প্ৰাকৃতিক ৰবৰ (Natural Rubber) উৎপাদনৰ ক্ষেত্ৰত বিদেশৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰাৰ উদ্দেশ্যে দেশত ৰবৰ উৎপাদন (Production) বৃদ্ধি কৰিবলৈ ন ন আঁচনি ৰূপায়ন কৰিছে ভাৰত চৰকাৰে (Government of India)।
বিশেষকৈ অসমকে (Assam) ধৰি উত্তৰ পূৰ্বাঞ্চলৰ (Northeast States) ৰাজ্যসমূহত ৰবৰ উৎপাদনৰ ক্ষেত্ৰত কৃষকক উদগনি দিয়াৰ উদ্দেশ্য ৰাজসাহায্যকে (Subsidy) ধৰি বিভিন্ন আকৰ্ষণীয় আঁচনি হাতত লৈছে কেন্দ্ৰীয় ৰবৰ ব’ৰ্ডে।
এনে পৰিপ্ৰেক্ষিততে কামৰূপ জিলাৰ মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ নৱগঠিত ইষ্টাৰ্ণ ৱেষ্ট খাছী পাহাৰ জিলাৰ জিৰাং সমষ্টিৰ উমশ্ৰুত (Umshru) বৃহৎ ৰবৰ নাৰ্ছাৰী (Rubber Nursery) স্থাপন কৰিছে অমেগা গ্ৰীণ ছলিউচনচ নামৰ সংস্থাই।

অসম-মেঘালয়ৰ (Assam-Meghalaya) বিভিন্ন অঞ্চলত এনে ৰবৰ নাৰ্ছাৰী স্থাপন কৰা এই সংস্থাটােৱে এনে নাৰ্ছাৰীৰ জৰিয়তে অসমৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ শ শ নিবনুৱা যুৱক-যুৱতীক কর্মসংস্থাপন প্ৰদান কৰিছে। সংস্থাটােৱে কামৰূপ আৰু গােৱালপাৰা জিলাতাে ইয়াৰ পূৰ্বে বৃহৎ ৰবৰ পুলিৰ নাৰ্ছাৰী পৰিচালনা কৰি আহিছে।
উমত্ৰুত ৪০ একৰ ভূমিত উৎপাদন কৰা ৰবৰ পুলি পৰিদৰ্শন কৰিবলৈ ১৩ খনকৈ ৰাষ্ট্ৰৰ ২২ গৰাকী প্ৰতিনিধিয়ে শুকুৰবাৰে মেঘালয়ত পদার্পণ কৰে।

কম্ব’ডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, পপুৱা নিউ গিনি, থাইলেণ্ড, কটে দি আইভৰিকে ধৰি ১৩ খনকৈ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অসম সীমান্তৰ মেঘালয়ৰ ৰবৰ পুলি উৎপাদন কৰা স্থানত উপস্থিত হোৱাৰ লগে লগে মেঘালয় আৰু অসমৰ ৰাইজে তেওঁলোকক আদৰণি জনায়।
ৰবৰ পুলি উৎপাদন কৰা স্থানৰ সমীপতে অস্থায়ীকৈ সাজি উলিওৱা সভাগৃহত এখন সভাও অনুষ্ঠিত কৰে দলটোৱে। ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক এম বসন্থাগেছনৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সংস্থাটোৱে বহিঃৰাষ্ট্ৰৰ প্রতিনিধিসকলক সম্বৰ্ধনা জনায়।

বহিঃৰাষ্ট্ৰৰ প্রতিনিধিসকলে বিহু, ৰাভা, মিজো নৃত্য প্রদর্শন প্রত্যক্ষ কৰি অভিভূত হৈ পৰে। সভাখনত প্ৰাকৃতিক ৰবৰ উৎপদন কৰা দেশসমূহৰ সংস্থা এএনআৰপিচিৰ মুৰব্বী লাম চুন জুইন, ট’ হেং গোৱাং, আন চ’ভান, খুন কাকাডা, চ’ক ফচিং, টিনি মি মেলভিন, ইউনি হাৰ্না ৱাটি, বেনিয়ামিন ৰ’চলী, ডাটু টু ডক্টৰ, জায়ৰো চানি, ডাটু জাইলানী, মঃ থাল হা, মঃ ফার্দ জিলকে ধৰি বহিঃৰাষ্ট্ৰৰ পর্যটকসকলে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে এই কাৰ্যসূচীত অমেগা ছলিউচনৰ কৰ্মকৰ্তাসকলৰ উপৰি কেন্দ্ৰীয় ৰবৰ ব’ৰ্ডৰ উপ-ৰবৰ উৎপাদন আয়ুক্ত ভি কে ছাকীৰ, সঞ্চালক (বিত্ত) জ’চ জৰ্জকে ধৰি বিভিন্ন বিষয়াই অংশগ্ৰহণ কৰে।