নিউজ ডেস্ক। মেঘালয় চৰকাৰে ৰাজ্যখনৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়ে ৰেবেকা ভেনেছা চুচিয়াঙক।
তেওঁ ১৯৮৯ বেটচৰ অসম-মেঘালয় কেডাৰৰ এগৰাকী আইএএছ বিষয়া।
চুচিয়াং মেঘালয়ৰ মুখ্য সচিব হিচাপে নিযুক্ত হোৱা প্ৰথম গৰাকী খাচী মহিলা হিচাপে পৰিগণিত হৈছে।
তেওঁ বৰ্তমান মেঘালয়ৰ আটাইতকৈ জ্যেষ্ঠ আইএএছ বিষয়া। ইয়াৰ পূৰ্বে চুচিয়াঙে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে সেৱা আগবঢ়াইছিল।
বৰ্তমানৰ মুখ্য সচিব এম.এছ. ৰাওৱে ৩০ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে অৱসৰ গ্ৰহণ কৰে। এমএছ ৰাওৰ অৱসৰৰ পিছতেই চুচিয়াঙে মেঘালয়ৰ মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে।

অৱসৰৰ পিছত ৰাওৱে ৰাজ্যিক লোকসেৱা বিতৰণ আয়োগৰ মুখ্য আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিব।
মেঘালয় ৰাজহুৱা সেৱাৰ অধিকাৰ আইন, ২০২০ অনুসৰি তেওঁক সেই পদত নিযুক্তি দিয়া হ’ব। বুধবাৰে জাৰি কৰা চৰকাৰী অধিসূচনাত এই কথা জনোৱা হয়।

উল্লেখ্য যে ৰাওক ২০১৯ চনৰ ডিচেম্বৰত ৰাজ্যখনৰ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ ১৯৮৭
বেটচৰ অসম-মেঘালয় কেডাৰৰ এজন আইএএছ বিষয়া।









