অসমঅসমীয়া

দাবী কৰিছিল ৩੦ হাজাৰ, ১੦ হাজাৰ টকাৰ উৎকােচ লৈ হাতে-লােটে গ্ৰেপ্তাৰ SI ছাৰ

পুনৰ উৎকােচ লৈ হাতে-লােটে ধৰা পৰিল আৰক্ষী বিষয়া।

এইবাৰ ঘটনাৰ স্থান গােলাঘাট জিলা।

জিলাখনৰ সদৰ আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শক আব্দুল জলিলক উৎকোচ লওঁতে হাতে লোটে ধৰা পেলালে অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলে।

এই কথা টুইটাৰৰ জৰিয়তে সদৰি কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা ভিজিলেঞ্চৰ মুৰব্বী জি পি সিঙে।

তেওঁ টুইট কৰি কয় ”গােলাঘাট সদৰ থানাত কৰ্মৰত আব্দুল জলিল নামৰ উপ-পৰিদৰ্শকক নগদ ১੦ হাজাৰ টকাৰ উৎকােচ লৈ থকা অৱস্থাত ভিজিলেঞ্চৰ দলে হাতে-লােটে ধৰা পেলায়।”

জানিব পৰা মতে, আব্দুল জলিল নামৰ এই উপ-পৰিদৰ্শকজনে এজন লােকৰ পৰা গােচৰ মীমাংসাৰ নামত ৩੦ হাজাৰ টকাৰ উৎকােচ দাবী কৰিছিল।

ইয়াৰে প্ৰথম কিস্তি হিচাপে বৃহস্পতিবাৰে নগদ ১੦ হাজাৰ টকা উৎকােচ লওঁতে গ্ৰেপ্তাৰ হয় বিষয়াগৰাকী। সম্প্ৰতি সদৰ থানা চৌহদতে বিষয়াজনক মাৰাথন জেৰা চলাইছে ভিজিলেঞ্চৰ দলে।

Leave a Reply

Your email address will not be published. Required fields are marked *