ক’ভিড-১৯ত আক্ৰান্ত মেঘালয়ৰ বিধায়কৰ মৃত্যু

নিউজ ডেস্ক। মেঘালয়ৰ বিধায়কৰ ক’ভিড-১৯ত মৃত্যু। মৃত বিধায়ক জনক নিৰ্দলীয় বিধায়ক চিন্টাৰ ক্লাছ চুন বুলি জানিব পৰা যায়।

পৰিয়ালে জনোৱা অনুসৰি, শুকুৰবাৰে কভিড-১৯ ত আক্ৰান্ত হৈছিল তেওঁ।

প্ৰতিবেদনত পজিটিভ অহাৰ পিছত মাওফলং সমষ্টিৰ বিধায়কজনৰ মাওফলঙত থকা তেওঁৰ বাসগৃহত মৃত্যু হয়। তেওঁ কভিড প্ৰতিষেধক গ্ৰহণ কৰা নাছিল।

উল্লেখ্য যে, চুন পৰিৱেশ সম্পৰ্কীয় বিধানসভা সমিতিৰ অধ্যক্ষ আছিল আৰু ৰাষ্ট্ৰীয় ফুটবলাৰ ইউজিনচন লিংডোৰ পিতৃ আছিল।

২০১৬ চনত ৰাজ্যিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা হিচাপে অৱসৰ লোৱাৰ পিছত তেওঁ ৰাজনীতিত যোগদান কৰে আৰু ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মাওফলং সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজয়ী হৈ আহে।

তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

তেওঁ কয় যে, “মাওফলাঙৰ বিধায়ক এছ কে চুনৰ আকস্মিক মৃত্যুত মই দুখ অনুভৱ কৰিছো। চুনে সদায় জনসাধাৰণৰ সেৱা কৰিবলৈ কৰ্তব্য কৰি গৈছিল। আৰু মই ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ কাৰ্যৰ দৃষ্টিভংগীৰ প্ৰশংসা কৰিছিলো। তেওঁৰ পৰিয়াল, প্ৰিয়জন আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা।”

Leave a Comment