ৰাষ্ট্ৰীয়

হঠাতে পদত্যাগ গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ…

নিউজ ডেস্ক। গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ পৰা হঠাৎ ইস্তফা দিলে বিজয় ৰূপানিৰ। অৰ্থাৎ উত্তৰাখণ্ড, কৰ্ণাটকৰ পিছত এইবাৰ গুজৰাটত হ’ব পাৰে নতুন মুখ্যমন্ত্ৰী।

এক প্ৰেছ বিবৃতিত বিজয় ৰূপানিয়ে নিজৰ পদত্যাগ কাৰণ জানিবলৈ দিয়ে। দলৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি কয় তেওঁ।

তেওঁ কয় যে, “ইয়াৰ পিছত দলে মোক যি দায়িত্ব দিয়ে মই সেইয়া পালন কৰিবলৈ সাজু। যোৱা ৫ বছৰত সকলো নিৰ্বাচন তথা উপ নিৰ্বাচনত মোক দলে দিয়া সকলো দায়িত্ব পালন কৰিছিলো। কিন্তু এই মুহূৰ্তত গুজৰাটৰ উন্নয়নৰ বাবে নতুন নেতৃত্বৰ প্ৰয়োজন। সেই কাৰণেই মই পদত্যাগ কৰিছো। কিন্তু ভৱিষ্যতে দলে দিয়া কোনো কামেই মই এৰি নিদিওঁ। মই গুজৰাটৰ সাধাৰণ লোকৰ পৰা অভাৱনীয় সমৰ্থন লাভ কৰি আহিছো। সেয়েহে সকলোকে মই ধন্যবাদ জনাইছো।”

অৱশ্যে সাংবাদিকে পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত তেওঁক সোধা প্ৰশ্ন তেওঁ এৰাই চলে। তেওঁ কয়, “এই বিষয়ে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ দলে সিদ্ধান্ত ল’ব।”

উল্লেখ্য যে বিজয় ৰুপানিৰ পদত্যাগৰ পিছতেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত দুটা নাম চৰ্চিত হৈ পৰিছে। তেওঁলোক হ’ল ক্ৰমে চি আৰ পাটিল আৰু নীটিন পাটিল।

অৱশ্যে কংগ্ৰেছে এই সন্দৰ্ভত তীব্ৰ সমালোচনা কৰিছে। নিৰ্বাচনত পৰাজয়ৰ আশংকাত বিজেপিয়ে এনে সিদ্ধান্ত লোৱা বুলি সমালোচনা কৰে কংগ্ৰেছে।

Leave a Reply

Your email address will not be published. Required fields are marked *