অসম

টেম্প’-এম্বুলেঞ্চৰ প্ৰচণ্ড সংঘৰ্ষত ৪ মহিলাসহ নিহত ৫

নিউজ ডেস্ক। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বিহদিয়াৰ ঢোপৰতলত শুকুৰবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এ এছ ২৫ ই চি ৩৩৮৫ নম্বৰৰ টেম্প’ আৰু এ এছ ০১ চি চি ৫৩০৩ নম্বৰৰ এম্বুলেঞ্চৰ মুখামুখী সংঘৰ্ষত পতিত হয়।

সংঘৰ্ষত টেম্প’ৰ ৪ মহিলা যাত্ৰীসহ ৫ জনৰ থিতাতে মৃত্যু ঘটে।

দুৰ্ঘটনাটোত আন ৭ জন লোক গুৰুতৰভাৱে আহত হয়। কেইজনমানক বিহদিয়া স্বাস্থ্যকেন্দ্ৰত চিকিৎসা কৰোৱা হয়।

4-7

জানিব পৰামতে, এম্বুলেঞ্চৰ চালকজন সুৰাসক্ত অৱস্থাত আছিল।

এম্বুলেঞ্চৰ চালকজনক লপা-থপা দিয়ে স্থানীয় ৰাইজে।

জানিব পৰামতে, মৃত্যু হোৱা ৫ জন যাত্ৰীৰ নাম হৈছেঃ তুফান বড়াে, উত্তম ৰাজবংশী, বনিতা বড়াে, বিমলা বড়াে আৰু বিলাশ্ৰী বড়াে।

G8

জানিব পৰামতে, টেম্প’ত অহা যাত্ৰীসকলে বাইহাটাত বিধায়কক লগ কৰি ওভতনি যাত্ৰাত এই দুৰ্ঘটনা সংঘটিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *