হঠাতে নলবাৰীত পাপন! বোকা পানী গছকি, ভূৰত উঠি খবৰ ল’লে বন্যাৰ্তৰ

নিউজ ডেস্কঃ ৰাজ্যজুৰি অব্যাহত আছে বানৰ সংহাৰ। বানৰ বিভীষিকাৰ পিছত এতিয়া এমুঠি ভাত, এটুকুৰা কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তই।

অসমৰ এনে ভয়াবহ বান পৰিস্থিতিৰ সময়ত বন্যাৰ্তৰ কাষত থিয় দিছে বিভিন্ন জন। বলীউডৰ তাৰকাৰ পৰা অসমৰ শিল্পী, কলা-কুশলীলৈকে বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে।

image 216
হঠাতে নলবাৰীত পাপন! বোকা পানী গছকি, ভূৰত উঠি খবৰ ল’লে বন্যাৰ্তৰ 5

এনে সময়তে পশ্চিম নলবাৰীৰ পখুৰাত বান পৰিস্থিতিৰ বুজ লৈ বন্যাৰ্তৰ সৈতে মত বিনিময় কৰে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই।

image 218
হঠাতে নলবাৰীত পাপন! বোকা পানী গছকি, ভূৰত উঠি খবৰ ল’লে বন্যাৰ্তৰ 6

জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ফেন ক্লাবৰ কেইগৰাকীমান সদস্যৰ সৈতে পখুৰাত উপস্থিত হৈ পাপনে বোকা পানী গছকি, কলৰ ভূৰত উঠি বন্যাৰ্তৰ খবৰ লোৱাৰ লগতে কিছু বন্যাৰ্তক সাহায্য বিতৰণ কৰে।

image 219
হঠাতে নলবাৰীত পাপন! বোকা পানী গছকি, ভূৰত উঠি খবৰ ল’লে বন্যাৰ্তৰ 7

মিডিয়া হাইলাইটৰ পৰা আতৰি অঞ্চলটোত উপস্থিত হোৱা পাপনে পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক প্ৰশ্ন কৰে- ‘আপোনালোকে মই অহাটো কেনেকৈ গম পালে? মই বিচাৰিছিলো আপোনালোকে গম নোপোৱাটো।’

image 217
হঠাতে নলবাৰীত পাপন! বোকা পানী গছকি, ভূৰত উঠি খবৰ ল’লে বন্যাৰ্তৰ 8

অসমত বান আহিবই বুলি মন্তব্য কৰি পাপনে কয় যে বান শুকোৱাৰ পিছত মানুহে এই বিষয়ে পাহৰি যায়। অক্টোবৰ-নৱেম্বৰ মাহত বান প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিলেহে বান সমস্যা কিছু দূৰ কৰিব পৰা যাব বুলি মন্তব্য কৰে কণ্ঠশিল্পীগৰাকীয়ে।