অসমৰ জীয়ৰী মধুমিতা হাজৰিকাক তুৰ্কমেনিস্তানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি

চাইপ্ৰাছত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছে 1999 বেট্ছৰ IFS বিষয়াগৰাকীৰ

মধুমিতা হাজৰিকা ভাগৱত
মধুমিতা হাজৰিকা ভাগৱত

নিউজ ডেস্ক। বৈদেশিক পৰিক্ৰমা বিভাগৰ দৰে অতি গুৰুত্বপূৰ্ণ বিভাগত নিযুক্ত হৈ ভাৰতক বিদেশৰ ভূমিত প্ৰতিনিধিত্ব কৰি আছে অসম জীয়ৰী মধুমিতা হাজৰিকা ভগতে।

শেহতীয়াকৈ এইগৰাকী সুদক্ষ ভাৰতীয় বিদেশ সেৱা (IFS) ৰ বিষয়াগৰাকীক তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় চৰকাৰে।

ifs madhumita hazarika bhagat ambassador india image 1
অসমৰ জীয়ৰী মধুমিতা হাজৰিকাক তুৰ্কমেনিস্তানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি 3

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁক 2019 চনৰ আগষ্ট মাহত চাইপ্ৰাছত ভাৰতীয় উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ বৈদেশিক মন্ত্ৰণালয়ত যুটীয়া সচিব পদতাে কাৰ্যনিৰ্বাহ কৰিছিল।

উল্লেখ্য যে নিজৰ কৰ্মদক্ষতা আৰু মেধাৰ বলতে 1999 বেট্ছৰ ভাৰতীয় বিদেশ সেৱাৰ বিষয়াগৰাকীয়ে বিশ্বৰ কূটনৈতিক ক্ষেত্ৰখনত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Leave a Comment