উত্তৰ পূৱত প্ৰায় ৭০ হাজাৰ হেক্টৰ ভূমিত প্ৰাকৃতিক ৰবৰ উৎপাদনৰ লক্ষ্য

প্ৰাকৃতিক ৰবৰ উৎপাদনঃ গুৱাহাটীত জে কে টায়াৰৰ মুৰব্বী অংশুমান সিংঘানীয়াৰ সংবাদমেল

প্ৰাকৃতিক ৰবৰ উৎপাদনক লৈ সংবাদমেলত জে কে টায়াৰৰ মুৰব্বী
প্ৰাকৃতিক ৰবৰ উৎপাদনক লৈ সংবাদমেলত জে কে টায়াৰৰ মুৰব্বী

হনী ঝাঁঝৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ (PM Narendra Modi) আত্মনিৰ্ভৰ ভাৰত (Atma Nirbhar Bharat) শীৰ্ষক অভিলাষী প্ৰকল্পৰ অধীনতে দেশক প্ৰাকৃতিক ৰবৰ উৎপাদনৰ (Natural Rubber Production) ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ বাবে উদ্যােগ লৈছে কেন্দ্ৰীয় ৰবৰ ব’ৰ্ডে (Central Rubber Board)। ৰবৰ ব’ৰ্ডৰ এই প্ৰচেষ্টাত পূৰ্ণ সহযােগিতা আগবঢ়াইছে অটমটিভ টায়াৰ মেনুফেকচাৰ্চ এছ’চিয়েশ্বন চমুকৈ আত্মা (ATMA) নামৰ দেশৰ শীৰ্ষ টায়াৰ নিৰ্মাতা কােম্পানীৰ সংগঠনে।

শেহতীয়াকৈ বিগত ৩ বছৰত ইনৰোড অৰ্থাৎ ভাৰতীয় প্ৰাকৃতিক ৰবৰ উৎপাদন প্ৰকল্পৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত (Northeast) প্ৰায় ৭০০০০ হেক্টৰ ভূমিত প্ৰাকৃতিকভাবে ৰবৰ খেতি কৰা হৈছে।

আজি আনুষ্ঠানিক ভাবে এক সংবাদ মেল যোগে এই তথ্য প্ৰদান কৰে আত্মাৰ অধ্যক্ষ অংশুমান সিংহানিয়াই। তেওঁ মন্তব্য কৰি কয় যে ৰবৰ উৎপাদন খণ্ডত উত্তৰ-পূবত বিগত ৩ বছৰত সম্পন্ন কৰা এই বৃক্ষৰোপণ উত্তৰ পূবৰ লগতে দেশৰ বাবেই উদ্যোগটোৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ।

লগতে চাওকঃউত্তৰ পূবত ৰবৰৰ সৈতে সংলগ্ন উদ্যােগ স্থাপনৰ বাবে আগ্ৰহী শীৰ্ষ টায়াৰ নিৰ্মাতা কােম্পানী

‘আত্মনিৰভৰ ভাৰতৰ ধাৰণাৰ সৈতে সংগতি ৰাখি উত্তৰ-পূৰ্বাঞ্চলত ২ লাখ হেক্টৰ ৰবৰ খেতিৰ বিকাশত সহায় কৰাৰ বাবে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সক্ৰিয় পৰামৰ্শৰ অধীনত ইনৰোড শীৰ্ষক এই প্ৰকল্প হাতত লোৱা হৈছে।

ইনৰোড হৈছে বিশ্বৰ ভিতৰতে এনেধৰণৰ প্ৰথমটো প্ৰকল্প, য’ত প্ৰাকৃতিক ৰবৰ ব্যৱহাৰকাৰী উদ্যোগ বিশেষকৈ টায়াৰ উদ্যোগ খণ্ডই চৰকাৰী সংস্থা, ৰাবাৰ বৰ্ডৰ সহযোগত ৰবৰ ৰোপন আৰু উৎপাদন ত্বৰান্বিত কৰাৰ লগতে প্ৰাকৃতিকভাবে উৎপাদিত ৰবৰ খেতিত উদগনি যোগোৱাৰ ক্ষেত্ৰত পুঁজি যোগান ধৰিছে।

দেশৰ টায়াৰ নিৰ্মাতাসকলৰ এক বিশেষ কল্যাণকামী সংস্থা অটোমোটিভ টায়াৰ মেনুফেকচাৰএছ’চিয়েশ্যন, চমুকৈ আত্মাই প্ৰকল্পটোৰ বাবে ভাৰতীয় ৰবৰ ব’ৰ্ডৰ সৈতে সহযোগিতা স্থাপন কৰিছে। প্ৰক্ৰিয়াটোৰ জৰিয়তে এই প্ৰকল্পৰ অধীনত এতিয়ালৈ ৩ কোটিৰো অধিক বৃক্ষৰোপণ কৰা হৈছে। যাৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৯৩ খন জিলাৰ প্ৰায় ৮০০০০ হিতাধিকাৰী উপকৃত হৈছে।

inroad atma rubber board indian rubber meet
উত্তৰ পূৱত প্ৰায় ৭০ হাজাৰ হেক্টৰ ভূমিত প্ৰাকৃতিক ৰবৰ উৎপাদনৰ লক্ষ্য 3

ইনৰোড প্ৰকল্পৰ ফলত অঞ্চলটোৰ ৰবৰ খেতিৰ নাৰ্চাৰীবোৰ পুনৰুজ্জীৱিত হৈছে। ৰবৰ খেতিৰ বাবে ৰোপণ বীজ সমূহ ৮১ খন প্ৰমাণিত নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰা হৈছে।”ইনৰোড প্ৰকল্পৰ অধীনত প্ৰথম তিনি বছৰত ৮০০০০ হেক্টৰ বৃক্ষৰোপণৰ লক্ষ্য গ্ৰহণ কৰা হৈছিল যদিও বিগত কোভিড মহামাৰী আৰু অন্যান্য আনুসংগিক তথা কাৰিকৰী প্ৰত্যাহ্বানৰ পিছতো প্ৰকল্পৰ লক্ষ্যৰ প্ৰায় ৭০০০০ হেক্টৰ বৃক্ষৰোপণ অথবা মুঠ ৰোপনৰ ৮৬% লক্ষ্য সম্পন্ন হৈছে।

প্ৰকল্পটোত আৰ্থিকভাৱে সমৰ্থন তথা তত্বাৱধায়ক আৰু কাৰ্যকৰী সংস্থা হিচাপে ৰবৰ বোৰ্ডৰ সৈতে কাম কৰা ৪ টা আগশাৰীৰ টায়াৰ কোম্পানীয়ে সংযুক্ত ভাবে কাম কৰিছে।

সিংহানিয়াই লগতে কয় যে “প্ৰকল্পটোৰ জৰিয়তে আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে। এই কাৰ্য্যত কৰ্মসংস্থাপন জৰিত হৈ থকাৰ লগতে ই সামাজিক আৰু পৰিবেশ তন্ত্ৰৰ উপৰতো প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ২ লাখ হেক্টৰত বৃক্ষৰোপণে কেৱল প্ৰায় ২.৫ লাখ কৃষক আৰু তেওঁলোকৰ পৰিয়ালকে লাভান্বিত কৰা নাই, তদুপৰি প্ৰকল্পটোত জৰিত বৃক্ষৰোপণ তথা দক্ষতা প্ৰশিক্ষণে আগন্তুক সময়ত বৃক্ষৰোপণ খণ্ডত বিশেষ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হব”।

আত্মাৰ ৪ সদস্য কোম্পানী এপোলো, চিয়েট, জে.কে. আৰু এম.আৰ.এফ. প্ৰকল্পটোৰ বিত্তীয় অংশীদাৰ। ৰবৰ বোৰ্ডে এই ক্ষেত্ৰত কাৰিকৰী সহযোগিতা আগবঢ়াই। প্ৰকল্পটোৰ সম্পূৰ্ণ বিকাশ আৰু উত্তৰণৰ বাবে উদ্যোগটোৱে সৰ্বশ্ৰেষ্ঠ পদ্ধতি, সম্পূৰ্ণ দক্ষতা আৰু পূৰ্ণকালীন প্ৰশিক্ষণৰ জৰিয়তে প্ৰাকৃতিক ৰবৰৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত প্ৰায় ২ লাখ হেক্টৰৰ নতুন বৃক্ষৰোপণৰ কাৰ্য সম্পূৰ্ণ কৰি তোলাৰ বাবে আত্মাই ১০০০ কোটি টকা আৰু আনুসংগিক দিশত আন ১০০ কোটি টকা যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

প্ৰকল্পটোৰ অধীনত ২ লাখ হেক্টৰ নতুন বৃক্ষৰোপণৰ লক্ষ্যৰ ভিতৰত অসমত ১ লাখ হেক্টৰ আৰু ত্ৰিপুৰাত ৩০০০০ হেক্টৰৰ লক্ষ্য লোৱা হৈছে। শেহতীয়া গুৱাহাটী ভ্ৰমণৰ সময়ত সিংহানিয়াই প্ৰকল্পটোৰ অধীনত হাতত লোৱা অসম আৰু মেঘালয়ৰ নতুন বৃক্ষৰোপণ এলেকা সমূহৰ পৰিদৰ্শন কৰে আৰু ব্যক্তিগতভাৱে হিতাধিকাৰীসকলক সাক্ষাৎ কৰে।

“ প্ৰকল্পটোত জৰিত উৎপাদকসকলৰ বাবে নিযুক্তিৰ সুযোগ আৰু জীৱিকাৰ সৃষ্টি তথা সম্প্ৰদায়টোৰ সামগ্ৰিক আৰ্থ-সামাজিক স্থিতি উন্নত কৰাটো প্ৰকল্পটোৰ এক মুখ্য উদ্দেশ্য।“ সিংহানিয়াই কয়। অটোমোটিভ খণ্ডত ভাৰতৰ গোলকীয় ৰেংকিং যথেষ্ট উন্নত মানৰ। এই ক্ষেত্ৰত ঘৰুৱা টায়াৰ উদ্যোগ আৰু প্ৰাকৃতিক ৰবৰ খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শেহতীয়াভাৱে ভাৰতৰ প্ৰয়োজনীয় প্ৰাকৃতিক ৰবৰৰ প্ৰায় ৪০% আমদানিৰ জৰিয়তে পূৰণ কৰা হয়। অনুমান কৰা হৈছে যে ২০৩০ চনৰ ভিতৰত ভাৰতক প্ৰতি বছৰে প্ৰায় ২০ লাখ টন প্ৰাকৃতিক ৰবৰৰ প্ৰয়োজন হ’ব। ইনৰোড প্ৰকল্পটোৱে দেশৰ বৰ্ধিত প্ৰাকৃতিক ৰবৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব।

Leave a Comment