অসমঅসমীয়া

নগৰবেৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন

স্মৃতিগ্ৰন্থ “অস্তিত্ব” উন্মোচন

Nagarbera Press Club 3

নগৰবেৰা, ২৫ মাৰ্চ। কামৰূপ জিলাৰ নগৰবেৰাৰ সাংবাদিকৰ ঐক্যমঞ্চ নগৰবেৰা প্ৰেছ ক্লাৱৰ ৫ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দেওবাৰে নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷

এই উপলক্ষে ৰাতিপুৱা প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে ক্লাৱৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ দাসে।

Nagarbera Press Club 7

শ্বহীদ তৰ্পন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক পাঠক, স্মৃতি তৰ্পণ কৰে নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ সভাপতি উদয়শঙ্কৰ মেধি, গছপুলি ৰোপন কৰে ক্ৰমে প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি মদন চন্দ্ৰ পাঠক আৰু নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ধনেশ্বৰ দাসে ৷

Nagarbera Press Club 4

বিয়লি ১ বজাৰ পৰা নগৰবেৰা প্ৰেছ ক্লাৱৰ সভাপতি সঞ্জীৱ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকুলি ও সম্বৰ্ধনা সভা।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিউজ লাইভ’ৰ কাৰ্যবাহী সম্পাদক নন্দন প্ৰতীম শৰ্মা বৰদলৈ। ইয়াৰ উপলি লেখক তথা জেষ্ঠ সাংবাদিক বিদ্যুত কুমাৰ ভূঞা, ঈশ্বান নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক সুশীল পাটোৱাৰী, দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোঁহাই, জেষ্ঠ্য সাংবাদিক হনী ঝাঁঝৰীকে আদি কৰি কেবাগৰাকীকৈ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Nagarbera Press Club 2

উল্লেখ্য যে নগৰবেৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উলিওৱা স্মৃতিগ্ৰন্থ ‘অস্তিত্ব’ আনুষ্ঠানিক ভাবে উন্মোচন কৰে নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক নন্দন প্ৰতীম শৰ্মা বৰদলৈয়ে ৷

Nagarbera Press Club 5

স্মৃতিগ্ৰন্থ উন্মোচন কৰি এক ভাষণ প্ৰসংগত কয়- “সাংবাদিকতা জীৱন কন্টকময়। বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰেই সাংবাদিক সকলে ধৈৰ্য্যৰে আগবাঢ়িব গ’লেহে ইপ্সিত লক্ষ্যত উপনীত হ’ব পাৰিব, লগতে ৰাইজৰ বিভিন্ন সমস্যাসমূহ চৰকাৰৰ দৃষ্টিগােচৰ কৰিবলৈ সক্ষম হ’ব”। তেওঁ লগতে নগৰবেৰা প্ৰেছ ক্লাৱৰ উজ্বল ভৱিষ্যত কামনা কৰে৷

সাংবাদিক সুশীল পাটােৱাৰীয়ে গ্ৰামাঞ্চলৰ সাংবাদিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ ওপৰত দৃষ্টিপাত কৰাৰ লগতে সংবাদকৰ্মীসকলক উৎসাহ দিয়াৰ বাবে সংশ্লিষ্ট লােকে পদক্ষেপ লােৱা উচিত বুলি মন্তব্য কৰে।

Nagarbera Press Club 1 1

সাংবাদিক হনী ঝাঁঝৰীয়ে বৃহত্তৰ নগৰবেৰা অঞ্চলৰ বাট-পথৰ দুৱৰস্থাৰ কথা উল্লেখ কৰি কয় যে কামৰূপ জিলাৰ ভিতৰতে নগৰবেৰা অঞ্চলৰে বাট-পথৰ অৱস্থা আটাইতকৈ শোচনীয়। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দৃষ্টিগােচৰ কৰাৰ বাবে ৰাইজে আগভাগ লােৱাৰ উপৰি অসম চৰকাৰে এই ক্ষেত্ৰত কােনাে পদক্ষেপ নল’লে প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ জ্ঞাপন প্ৰদানৰ বাবে পৰামৰ্শ দিয়ে।

এই প্ৰতিষ্ঠা দিৱসত নগৰবেৰাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থাকে ৷

Nagarbera Press Club 6

স্মৰ্তৱ্য যে আজিৰ এই কাৰ্যসূচীৰ সতে সংগতি ৰাখি অঞ্চলটোৰ ছগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে-মৰিগাওঁ জিলা সমূহৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়ালৈ “নগৰবেৰা সৌৰভ”, উদয় শংকৰ মেধিলৈ “চিৰসেউজ” ,ব্যৱসায়ী কমল মেধিলৈ “নগৰবেৰা বৈভৱ, অজয় কুমাৰ শীললৈ “জনসম্পৰ্কৰক্ষী“ বটাঁ আৰু নীলকান্ত কম্বৰ আৰু খলিল উদ্দিন আহমেদলৈ “সমাজ সৌষ্ঠৱ” বটাঁ আগবঢ়োৱা হয়।

সভাৰ মাজতে “বিষাক্ত সময়ৰ দংশন” শীৰ্ষক এখন কাব্য গ্ৰন্থ উন্মোচন কৰা হয়।

Hani Jain

Hi, I'm Hani Jain, from Guwahati (Assam). I am working in the field of Electronic, Print and Digital Media for more than one decade.

Leave a Reply

Your email address will not be published. Required fields are marked *