অসমঅসমীয়া

অসম লােকসেৱা আয়ােগৰ সদস্য হিচাপে মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাক নিযুক্তি ৰাজ্যপালৰ

নিউজ ডেস্ক। ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল তথা দক্ষিণ কামৰূপৰ ৰামপুৰৰ সুজনপাৰাৰ সুযােগ্য সন্তান ভাস্কৰ কলিতাক অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই মঙ্গলবাৰে এক নিৰ্দেশনাৰ জৰিয়তে অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰে।

Major General Bhaskar Kalita Retd

সুদীৰ্ঘ ৩ দশকৰাে অধিক কাল সেনা বিষয়া হিচাপে সেৱা আগবঢ়ােৱা ভাস্কৰ কলিতাৰ এই নিযুক্তিয়ে অঞ্চলবাসীৰ মাজত আনন্দৰ বন্যা বােৱাইছে।

উল্লেখ্য যে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ সুজনপাৰাৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰয়াত হৰিকান্ত কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাৰ দ্বিতীয় সন্তান ভাস্কৰ কলিতা।

Major General Bhaskar Kalita Retd

১ ডিচেম্বৰ ১৯৬৪ ত ৰামপুৰত জন্মগ্ৰহণ কৰা ভাস্কৰ কলিতাই ১৯৭৫ চনত গোৱালপাৰা সৈনিক স্কুলত অধ্যয়নৰ বাবে নামভৰ্ত্তি কৰিছিল আৰু ১৯৮০ চনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ১৯৮১ চনত নেশ্যনেল ডিফেন্স একাডেমীত ( এন ডি এ ) অধ্যয়নৰ বাবে নিৰ্বাচিত হয়।

এন ডি এৰ পৰা ১৯৮৫ চনত উত্তীৰ্ণ হোৱাৰ পাছত ভাৰতীয় সেনাৰ কুমায়ুন ৰেজিমেণ্টত চেকেণ্ড লেফটেনেণ্ট হিচাপে সেনাত কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পাছত নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰে সেনাৰ উচ্চ পদবীলৈ পদোন্নতিসহ জম্মু কাশ্মীৰ, অসমৰ উপৰিও উত্তৰ পূবৰ বিভিন্ন ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত দায়িত্ব সুখ্যাতিৰে পালন কৰে ।

WhatsApp Image 2024 01 10 at 15.29.05

তাৰপাছত ২০১৭ চনত ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদবী মেজৰ জেনেৰেললৈ তেওঁ পদোন্নতি লাভ কৰি চাৰিটা বছৰত অৰুণাচল প্ৰদেশ , উত্তৰাখণ্ড আৰু সেনাৰ মুখ্য কাৰ্যালয় সেনা ভৱনত কাৰ্যনিৰ্বাহ কৰে ।

মেঘালয়ৰ ৰাজধানী শ্বিলঙত থকা প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ অধীনস্থ এনচিচিৰ উত্তৰ পূব মণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এডিজি) হিচাপে সেৱা আগবঢ়াই ২੦২২ বৰ্ষৰ নৱেম্বৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰে।

আনহাতে জেনেৰেল কলিতাৰ বৰপুত্ৰ ভাৰ্গব কলিতায়ো পিতৃৰ পথ অনুকৰণ কৰি বৰ্তমান ভাৰতীয় সেনাৰ মেজৰ হিচাপে জম্মু-কাশ্মীৰৰ অতি দুৰ্গম অঞ্চলত নিয়োজিত হৈ দেশমাতৃৰ সেৱা আগবঢ়াই আছে।

অসম লােকসেৱা আয়ােগৰ সদস্য হিচাপে প্ৰথমবাৰলৈ বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ পৰা নিযুক্তি লাভ কৰা ভাস্কৰ কলিতাৰ এই নিযুক্তিত দক্ষিণ কামৰূপৰৰ ভিন-ভিন দল-সংগঠনে অভিনন্দন জ্ঞাপন কৰিছে।

Hani Jain

Hi, I'm Hani Jain, from Guwahati (Assam). I am working in the field of Electronic, Print and Digital Media for more than one decade.

Leave a Reply

Your email address will not be published. Required fields are marked *