অসমঅসমীয়া

দক্ষিণ কামৰূপবাসীৰ (South Kamrup) ঠিকনা হৈছে পলাশবাৰী (Palashbari): মেজৰ জেনেৰেল ভাস্কৰ কলিতা (অৱসৰপ্ৰাপ্ত) Major General Bhaskar Kalita (Retd.)

বান আৰু গৰাখহনীয়াৰ তাণ্ডৱৰ মাজতো ৰাস মহােৎসৱৰ ব্যাপক আয়োজন প্ৰশংসনীয়

Major General Bhaskar Kalita at Palashbari Raas

হনী ঝাঁঝৰী। কামৰূপ জিলাৰ (Kamrup District) পলাশবাৰী পৌৰসভা (Palashbari Municipal Board) এলেকাত অনুষ্ঠিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহােৎসৱৰ মহাৰজত জয়ন্তী উপলক্ষে শনিবাৰে অনুষ্ঠিত সাংস্কৃতি কাৰ্যসূচীৰ বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰে ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাই (Major General Bhaskar Kalita (Retd)।

এই উপলক্ষে পলাশবাৰী ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ সহকাৰী সম্পাদক পংকজ কুমাৰ দাসৰ পৰিচালনাত অনুষ্ঠিত সভাত অসমৰ জনপ্ৰিয় যুৱ অভিনেতা প্ৰয়াত কিশোৰ দাসক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

উক্ত কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলা বিজেপিৰ ভাৰপ্ৰাপ্ত সভাপতি অঞ্জনজ্যোতি গোস্বামী, সাংস্কৃতিক কৰ্মী বনজিত তালুকদাৰ, ব্যৱসায়ী তপন দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্যোক্তাসকলে অতিথিসকলক ফুলাম গামােচা, জাপি আৰু ৰাস মহাত্‍সৱৰ স্মৃতিগ্ৰন্থ ‘ৰাসক্ৰীড়া’ প্ৰদান কৰি আদৰণি জনায়।

Major General Bhaskar Kalita at Palashbari Raas

নিজৰ চমু ভাষণ প্ৰসঙ্গত ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভাস্কৰ কলিতাই কয় যে পলাশবাৰী হৈছে দক্ষিণ কামৰূপৰ জনসাধাৰণৰ ঠিকনা। ৰাজ্যৰ যিকোনো ঠাইত যেতিয়াই কোনোবাই আমাৰ পৰিচয় বিচাৰে, তেতিয়া আমি নিজকে পলাশবাৰীৰ বাসিন্দা বুলি কৈ গৌৰৱ অনুভৱ কৰো।

তেওঁ কয় যে পলাশবাৰী এখন ঐতিহ্যমণ্ডিত চহৰ। দেশৰ স্বাধীনতাৰ কেবাদশক পূৰ্বতে পলাশবাৰী বাণিজ্যিক চহৰ হিচাপে বিখ্যাত হৈছিল। কেৱল ব্যৱসায়-বাণিজ্যই নহয়, শিক্ষাৰ কেন্দ্ৰবিন্দু আছিল।

Major General Bhaskar Kalita at Palashbari Raas

১৯২০ চনত স্থাপিত ৰিধকৰণ বালচান্দ (আৰ বি) হাইস্কুলত (RB High School) পঢ়িবলৈ ৰাজ্যৰ দূৰ-দূৰণিৰ পৰা ছাত্ৰ-ছাত্ৰী পলাশবাৰীত উপস্থিত হৈছিল। সামৰিক জীৱনৰ স্মৃতি ৰােমন্থন কৰি শ্ৰী কলিতাই কয় যে পলাশবাৰীৰ প্ৰয়াত ভাৰত চন্দ্ৰ কলিতাই ১৯৯৫ চনলৈকে মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী (National Defence Academy-NDA)ত অধ্যাপক হিচাপে কৰ্মৰত আছিল।

এই সময়ছোৱাত ভাৰত চন্দ্ৰ কলিতা (Dr Bharat Chandra Kalita) অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পঢ়া-শুনা আৰু প্ৰশিক্ষণৰ বাবে তালৈ যােৱা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে পিতৃৰ দৰে আছিল। আমাৰ জীৱনত তেওঁৰ প্ৰভাৱ সীমাহীন বুলি প্ৰকাশ কৰে ভাস্কৰ কলিতাই।

তেওঁ কয় যে বান আৰু গৰাখহনীয়াৰ বাবে পলাশবাৰীৰ পৰা বৃহৎ সংখ্যক লোক অন্য ঠাইলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছিল। কিন্তু ইমান বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ পিছতো ৰাস উদযাপনৰ ক্ষেত্ৰত অঞ্চলবাসী ৰাইজৰ উৎসাহ-উদ্দীপনা কমি যোৱা নাছিল।

এনে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে ৰাইজে ৰাস মহৎসৱৰ আয়োজন কৰি আহিছে, যাৰ ফল আজি পলাশবাৰী ৰাছে মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ সক্ষম হৈছে। তেওঁ পলাশবাৰী ৰাস মহােৎসৱৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Hani Jain

Hi, I'm Hani Jain, from Guwahati (Assam). I am working in the field of Electronic, Print and Digital Media for more than one decade.

Leave a Reply

Your email address will not be published. Required fields are marked *