APSC ৰ সদস্য হিচাপে ভাস্কৰ কলিতা আৰু দেৱৰাজ উপাধ্যায়ৰ শপত গ্ৰহণ

হনী ঝাঁঝৰী, গুৱাহাটী। অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে শেহতীয়াভাবে নিযুক্তি লাভ কৰা ভাৰতীয় সেনাৰ মেজৰ জেনেৰেল ভাস্কৰ কলিতা (অৱসৰপ্ৰাপ্ত) আৰু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত মহা পৰিদৰ্শক দেৱৰাজ উপাধ্যায়ে (অৱসৰপ্ৰাপ্ত) আজি ৰাজভৱনত শপত গ্ৰহণ কৰে।

APSC Oath Taking Bhaskar Kalita
ভাস্কৰ কলিতাৰ শপত গ্ৰহণৰ দৃশ্য

বৃহস্পতিবাৰে দিনৰ ১২.৩੦ বজাত গুৱাহাটী স্থিত ৰাজভৱনৰ সভাগৃহত অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ উদ্দেশ্য বাখ্যাৰে শুভাৰম্ভ হোৱা এক অনুষ্টুপীয়া অনুষ্ঠানত নৱনিযুক্ত দুয়োজনকে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় অসমৰ ৰাজ্যপাল গোলাৱ চান্দ কাটাৰীয়াই।

Major General Bhaskar Kalita Sworn in as APSC Member 1
ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠানৰ দৃশ্য

অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী, সদস্যা নাজৰীন আহমেদকে ধৰি কেবাজনো সদস্য আৰু বিষয়া, ৰাজ্যপালৰ আয়ুক্ত- সচিব মীনাক্ষী সুন্দৰমকে ধৰি ৰাজভৱনৰ কেবাজনো বিষয়া, অসম চৰকাৰৰ কেবাজনো উচ্চপদস্থ বিষয়া, সৈনিক কল্যাণ সঞ্চালকালয়ৰ প্ৰাক্তন সঞ্চালক , অৱসৰপ্ৰাপ্ত কমডৰ কমলেশ চন্দ্ৰ চৌধুৰীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

APSC Oath Taking Deboraj Upadhyay
দেৱৰাজ উপাধ্যায়ৰ শপত গ্ৰহণৰ দৃশ্য

উল্লেখ্য যে দক্ষিণ কামৰূপৰ ৰামপুৰত জন্মগ্ৰহণ কৰা মেজৰ জেনেৰেল ভাস্কৰ কলিতা বিগত ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডল সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

তেনেদৰে বৰ্তমানৰ বাগচা জিলাৰ উত্তৰকুছি গাওঁত জন্মগ্ৰহণ কৰা আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা অসম আৰক্ষীৰ মহা পৰিদৰ্শক হিচাপে যোৱা অক্টোবৰ মাহত দেৱৰাজ উপাধ্যায়ে অৱসৰ গ্ৰহণ কৰিছিল।

Major General Bhaskar Kalita Sworn in as APSC Member 2
ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠানৰ দৃশ্য

আনহাতে ৰাজভৱনৰ সূত্ৰই সদৰি কৰা অনুসৰি আজি অসম লোকসেৱা আয়োগৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা ভাস্কৰ কলিতা আৰু দেৱৰাজ উপাধ্যায়, দুয়োজনৰে নিযুক্তি কাৰ্যকৰী হৈছে।

Leave a Comment