Missing: কৰ্তব্যৰত অসম আৰক্ষীৰ জােৱান সন্ধানহীন, পৰিয়ালত হাহাকাৰ

অহা বছৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ কথা আছিল

assam police constable missing news8northeast
ক’লৈ গ’ল আৰক্ষী জােৱান ৰত্নেশ্বৰ দত্ত?

নিউজ ডেস্ক। কৰ্তব্যৰত অৱস্থাত অসম আৰক্ষীৰ এগৰাকী জােৱান সন্ধানহীন হােৱা ঘটনাই আৰক্ষী মহলৰ লগতে জােৱানজনৰ পৰিয়ালৰ লােকৰ মাজতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মাউত গাঁৱৰ বাসিন্দা তথা কৰিমগঞ্জ স্থিত ১৫ নং অসম আৰক্ষী বেটালিয়নৰ ১৭ নং প্লাটুনত হাবিলদাৰ হিচাপে কৰ্মৰত ৰত্নেশ্বৰ দত্ত নামৰ জােৱানজন যােৱা ৭ মাৰ্চৰ পৰাই সন্ধানহীন হৈ আছে।

এই সন্দৰ্ভত পৰিয়ালৰ লােকে প্ৰকাশ কৰা অনুসৰি, যােৱা ১ ফেব্ৰুৱাৰীত ঘৰলৈ আহিছিল ৰত্নেশ্বৰ দত্ত। ইয়াৰ পিছতে পুনৰ যােৱা ৪ মাৰ্চত চাকৰিত যােগদান কৰিছিল। কিন্তু যােৱা ৭ মাৰ্চত পৰিয়ালৰ লােকে ৰত্নেশ্বৰ দত্ত কৰ্তব্যৰত অৱস্থাৰ পৰাই সন্ধানহীন হােৱা বুলি খবৰ লাভ কৰে।

এই খবৰ লাভ কৰিয়েই হাহাকাৰ লাগে তেওঁ আত্মীয়-স্বজনৰ মাজত।

জানিব পৰা মতে, অহা বছৰে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব ৰত্নেশ্বৰ দত্তই। কিন্তু ইয়াৰ পূৰ্বে কি কাৰণে তেওঁ এইদৰে নিৰুদ্দেশ হ’ল, তাৰ কােনাে তথ্য লাভ কৰা নাই আৰক্ষী তথা পৰিয়ালৰ লােকে।

পৰিয়ালৰ লােকে ইতিমধ্যে বেটেলিয়ান কাৰ্যালয়ত উপস্থিত হৈ উৰ্ধতন কৰ্তৃপক্ষক সাক্ষাৎ কৰি জােৱানজনৰ সন্ধান উলিয়াবলৈ বিহিত ব্যৱস্থা ল’বলে দাবী জনাইছে।

লগতে চাওকঃ অসমৰ জীয়ৰী মধুমিতা হাজৰিকাক তুৰ্কমেনিস্তানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি

Leave a Comment