উত্তৰ পূবত ৰবৰৰ সৈতে সংলগ্ন উদ্যােগ স্থাপনৰ বাবে আগ্ৰহী শীৰ্ষ টায়াৰ নিৰ্মাতা কােম্পানী

উমশ্ৰুত ৪੦ হেক্টৰ এলেকাত স্থাপন কৰা ৰবৰৰ নাৰ্ছাৰী পৰিদৰ্শন জে কে টায়াৰৰ মুৰব্বী অংশুমান সিংঘানিয়াৰ

atma rubber board natural rubber production
উমশ্ৰুত অৱস্থিত ৰবৰৰ গছৰ নাৰ্ছাৰী পৰিদৰ্শনৰ মুহূৰ্ত

হনী ঝাঁঝৰী। প্ৰাকৃতিক ৰবৰ (Natural Rubber) উৎপাদনৰ ক্ষেত্ৰত অচিৰেই দেশৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিব উত্তৰ পূৰ্বাঞ্চলে (Northeast India)। অসম, মেঘালয়ৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যসমূহৰ কৃষকক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে বিশেষ আঁচনি লৈছে কেন্দ্ৰীয় ৰবৰ বৰ্ডে (Central Rubber Board)।

কেন্দ্ৰৰ মােদী চৰকাৰৰ (Modi Government) আত্মনিৰ্ভৰ ভাৰত (Atma Nirbhar Bharat) প্ৰকল্পৰ অংশ হিচাপে ইতিমধ্যে পশ্চিম গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী মেঘালয়ৰ (Meghalaya) ৰি’ভয় জিলাৰ উমশ্ৰুত প্ৰায় ৪੦ হেক্টৰ ভূমিত আৰম্ভ কৰা হৈছে ৰবৰৰ নাৰ্ছাৰী।

atma rubber board natural rubber production image 1
উত্তৰ পূবত ৰবৰৰ সৈতে সংলগ্ন উদ্যােগ স্থাপনৰ বাবে আগ্ৰহী শীৰ্ষ টায়াৰ নিৰ্মাতা কােম্পানী 4

বৃহস্পতিবাৰে এই নাৰ্ছাৰীত পৰিভ্ৰমণ কৰে Automotive Tyre Manufacturers’ Association (ATMA) চমুকৈ আত্মাৰ অধ্যক্ষ তথা জে কে টায়াৰ পৰিচালন সঞ্চালক (MD) অংশুমান সিংঘানিয়াই।

কেন্দ্ৰীয় ৰবৰ ব’ৰ্ডৰ তত্বাৱধানত ওমেগা নাৰ্ছাৰীয়ে স্থাপন কৰা এই ৰবৰৰ নাৰ্ছাৰীত ৰবৰ গছৰ পুলি উৎপাদনৰ পৰা আৰম্ভ কৰি ৰবৰ উৎপাদনৰ বিভিন্ন পৰ্যায়ৰ বিষয়ে বুজ লৈ সিংঘানিয়াই।

এই বৃহৎ প্ৰকল্প পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হােৱা সাক্ষাৎকাৰত সিংঘানিয়াই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মােদীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপােন সাৰ্থক কৰাৰ অংশ হিচাপে ‘আত্মা’ ৰ প্ৰতিটাে সদস্য কােম্পানীয়ে পূৰ্ণ সহযােগিতা আগবঢ়াব। লগতে ৰবৰ উৎপাদনৰ প্ৰক্ৰিয়া পূৰ্ণ পৰ্যায়ত উপনীত হােৱাৰ পিছতে অসমৰ লগতে পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহত ৰবৰৰ সৈতে সংলগ্ন উদ্যােগ প্ৰতিষ্ঠা কৰাৰ বাবেও ধন বিনিয়ােগ কৰিব।

atma rubber board natural rubber production image 2
উত্তৰ পূবত ৰবৰৰ সৈতে সংলগ্ন উদ্যােগ স্থাপনৰ বাবে আগ্ৰহী শীৰ্ষ টায়াৰ নিৰ্মাতা কােম্পানী 5

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ লগতে স্থানীয় প্ৰশাসন যন্ত্ৰ আৰু সচেতন লােকৰ সহযােগিতাৰ বাবে তেওঁ আহ্বান জনায়। ৰবৰ উৎপাদন আৰু টায়াৰকে ধৰি বিভিন্ন সা-সামগ্ৰী উৎপাদনৰ বাবে উদ্যােগ স্থাপনৰ লগে লগে হেজাৰ হেজাৰ লােকে আত্মসংস্থাপন লাভ কৰাৰ লগতে অঞ্চলটােৰ আৰ্থ সামাজিক বিকাশে নতুন গতি লাভ কৰিব বুলি তেওঁ আশাবাদী।

উল্লেখ্য যে শুকুবৰাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ বৰঝাৰত অনুষ্ঠিত হ’ব আত্মাৰ বিশেষ কাৰ্যসূচী য’ত অংশ ল’ব দেশৰ বৃহৎ টায়াৰ কােম্পানীৰ প্ৰতিনিধিৰ লগতে ৰবৰ ব’ৰ্ডৰ বিষয়াসকলে। INROAD শীৰ্ষক এই কাৰ্যসূচীতে উত্তৰ পূবত প্ৰাকৃতিক ৰবৰ উৎপাদনৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতি আৰু বিভিন্ন দিশ সমূহৰ ওপৰত আলােকপাত কৰা হ’ব।

লগতে চাওকঃ APSC ৰ সদস্য হিচাপে ভাস্কৰ কলিতা আৰু দেৱৰাজ উপাধ্যায়ৰ শপত গ্ৰহণ

Leave a Comment