স্কীল কীটছৰ পৰিচালন সঞ্চালক কৌশিক বৈশ্যক গ্ৰেপ্তাৰ, প্ৰতিষ্ঠানটোৱে ৫০০ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগ

SKILL KIDSৰ পৰিচালন সঞ্চালক কৌশিক বৈশ্যক গ্ৰেপ্তাৰ।

পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৌশিক বৈশ্যক।

প্ৰতিষ্ঠানটোৱে ৫০০ কোটি টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগ।

কৌশিক বৈশ্যৰ জু-ৰোড, শান্তিনগৰৰ বাসগৃহত আৰক্ষীৰ অভিযান।

কিতাপ ডিজিটেলাইজড কৰাৰ নামত চলাইছিল লুণ্ঠন।

জানিব পৰা মতে, স্কিল কিটছ নামৰ কোম্পানীটোৱে ইউৰোপৰ বিভিন্ন লেখকৰ কিতাপ ডিজিটেলাইজড কৰে আৰু আপলোড কৰে বিভিন্ন অনলাইন মাধ্যমত।

প্ৰতিষ্ঠানটোৱে এই কাম কৰিবলৈ দায়িত্ব দিছিল কিছুমান থাৰ্ড পাৰ্টিক। ভাৰতৰ বিভিন্ন ৰাজ্যত কাৰ্যালয় খুলিছে স্কিল কিটছে।

গুৱাহাটীৰ উলুবাৰীত কাৰ্যালয় খুলি বহু যুৱকক কিতাপসমূহ ডিজিটেলাইজ কৰাৰ বাবে ঠিকা দিছিল। কিন্তু প্ৰতিটো ঠিকাৰ বাবদ আগধন লৈছিল ৩ লাখ টকা ৷ কিতাপ স্কেনিঙৰ বাবে স্কেনাৰ মেচিন দিছিল ৩৫ হাজাৰ টকাৰে।

প্ৰতিশ্ৰুতি দিছিল কাম সম্পূৰ্ণ কৰি দিল্লীৰ কাৰ্যালয়লৈ পঠিয়ালে সম্পূৰ্ণ বিল পৰিশোধ কৰা হ’ব।

গুৱাহাটীৰ কাৰ্যালয় চলাইছিল সুধাংশু চৌহান নামৰ এজন লোকে। লগত আছিল  কৌশিক বৈশ্য, ত্ৰিদীপ বৰুৱা, কামালুদ্দিন আলী আৰু বহুতো।

ইতিমধ্যে আৰক্ষীয়ে কৌশিক বৈশ্যক নিশা গ্ৰেপ্তাৰ কৰিছে।

এই কেলেকাৰীত নাম সাঙোৰ খাইছে  বিদিশা দেৱী নামৰ এগৰাকী অভিনেত্ৰীৰো ৷ কিন্তু FIR কপিত নাম সাঙোৰ খোৱাৰ লগে লগে থানাত উপস্থিত হৈছিলহি বিদিশা ৷ বিদিশাৰ মতে তেওঁ কেৱল কৰ্মচাৰীহে আছিল, ভিতৰুৱা কথা একো গম পোৱা নাছিল।

ইপিনে নিজৰ প্ৰাপ্য ধন নোপোৱাত বৃহস্পতিবাৰে উলুবাৰীৰ কাৰ্যালয়ত উপস্থিত হয় শ শ যুৱক।

কিন্তু ধন বিচাৰি অহাত গম পায়ে কাৰ্যালয়ত তলা লগাই  skill kits ৰ সকলো বিষয়া কৰ্মচাৰীয়ে পলায়ন কৰে।

তাৰ পিছতে পল্টনবজাৰ থানত গোচৰ ৰুজু কৰিছে যুৱকসকলে।