সুঃখবৰ! শীঘ্ৰে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰিব UNESCOয়ে…

নিউজ ডেস্কঃ ৰাজ্যবাসীৰ বাবে এক সুঃখবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

শীঘ্ৰে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা হ’ব চৰাইদেউ মৈদামক।

UNESCO-এ প্ৰদান কৰিব এই স্বীকৃতি।

জনতা ভৱনত আয়োজন কৰা সংবাদমেলত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, ২০১৪ চনত প্ৰথমবাৰৰ বাবে মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল।

দেশৰ পৰা চলিত বৰ্ষত কেৱল অসমৰ বাবে UNESCO লৈ যাব মনোনয়ন।

পেৰিছলৈ প্ৰেৰণ কৰিব এই মনোনয়ন।

ছেপ্টেম্বৰত UNESCOৰ পৰ্যবেক্ষকৰ দল আহিব চৰাইদেউলৈ।

ইয়াৰ ভিত্তিতে ২০২৪ৰ মাৰ্চৰ ভিতৰত চূড়ান্ত স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা।