সাৱধান! গাড়ীত ব্লেক নেটৰ ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা…

আপোনাৰ বাহনত খিৰিকীত ব্লেক নেট ব্যৱহাৰ কৰে নেকি?

যদি কৰে আপুনি সাৱধান হওক। অন্যথা ভৰিব লাগিব জৰিমনা।

মঙলবাৰে এই সন্দৰ্ভত অসম আৰক্ষীৰ তৰফৰ পৰা সাধাৰণ জনতাক উদ্দেশ্যি কৰা হৈছে বিশেষ টুইট।

টুইটত অসম আৰক্ষীয়ে বাহনত ব্লেক গ্লাছ অথবা ব্লেক নেটৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে।

টুইটত লিখিছে- যিয়েই নহওক ক’লা ক’লায়েই! দেখা গৈছে যে কিছুমান লোকে বাহনৰ খিড়িকিত ব্লেক টিণ্টিঙৰ সলনি ব্লেক নেটৰ ব্যৱহাৰ কৰে। আমি পুনৰ ক’ব বিচাৰো যে বাহনত ব্লেক গ্লাছ অথবা ব্লেক নেটৰ ব্যৱহাৰে আপোনাক জৰিমনা ভৰাব পাৰে। অস্বচ্ছ ব্লেক নেট চানস্ক্ৰীণৰ পৰিপূৰক নহয়।