
নিউজ ডেস্কঃ সংস্কৃত ভাষা শিকিলে বৃদ্ধি পাব নিযুক্তিৰ সুযোগ। -এই দাবী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। সোমবাৰে এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত সংস্কৃত ভাষাৰ প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে সংস্কৃত অধ্যয়ন কৰাৰ লগে তেওঁলোকৰ বাবে নতুন নতুন নিযুক্তিৰ দুৱাৰ মুকলি হ’ব।
অৱশ্যে সংস্কৃত অধ্যয়ন কৰিলে কিদৰে নিযুক্তিৰ নতুন পথ প্ৰশস্ত হ’ব, তাৰ কোনো স্পষ্ট নিৰ্দেশ প্ৰকাশ নাপালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ কথাত।
দৰাচলতে, কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ৰ উদ্যোগত দিল্লীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল উৎকৰ্ষ মহোৎসৱ। সোমবাৰে মহোৎসৱৰ অন্তিম দিনটোৰ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংস্কৃত অধ্যয়নৰ প্ৰাসংগিকতাৰ বিষয়ে ভাষণ প্ৰদান কৰে।

তেওঁ কয়, “সংস্কৃত কেৱল এটা ভাষা নহয়। এইটো এটা আৱেগ। সংস্কৃত হৈছে আমাৰ জ্ঞান আৰু বুদ্ধিমত্তাৰ বিশেষত্ব। আৰু এই জ্ঞান আৰু বুদ্ধিমত্তা আমাৰ সম্পদ।’’
মন্ত্ৰীগৰাকীয়ে কয় যে সংস্কৃতে ভাৰতীয় সকলৰ মাজত এক আদৰ্শ গঢ়ি তুলিছে। এই প্ৰাচীন ভাষাই যুগ যুগ ধৰি ভাৰতীয় সংস্কৃতিক আগুৱাই লৈ গৈছে।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ভাৰতৰ কেন্দ্ৰীয় শিক্ষা আইনৰ শেহতীয়া সংস্কাৰৰ বিষয়টো উত্থাপন কৰে। তেওঁ কয় যে ভাৰত চৰকাৰে দেশৰ শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ কৰিছে আৰু ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিভিন্ন ভাৰতীয় ভাষাত পঢ়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সংস্কৃত সেই ভাষা সমূহৰ ভিতৰত অন্যতম।
মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে সংস্কৃত বিশ্ববিদ্যালয়ে অনাগত দিনত ভাৰতীয় শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ আৰু বহুমুখী ভূমিকা পালন কৰিব।
সংস্কৃতৰ প্ৰশংসা কৰিবলৈ গৈ ইতিহাস স্মৰণ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। তেওঁ কয় যে অতীতত হিউয়েন চাঙৰ দৰে দাৰ্শনিক আৰু অন্বেষণকাৰী সকলেও সংস্কৃত অনুশীলনৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ কয় যে যদি ভাৰতৰ শিক্ষাৰ্থীসকলে সংস্কৃত শিকে, ই তেওঁলোকৰ চাকৰি আৰু সংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব।