শৰাইঘাট দলঙৰ কাষতে নিৰ্মাণ হ’ব আন এখন নতুন দলং, কেন্দ্ৰীয় মন্ত্ৰীৰ ঘোষণা…

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং।

শৰাইঘাট দলঙৰ কাষতে নিৰ্মাণ হ’ব আন এখন দলং।

1025
শৰাইঘাট দলঙৰ কাষতে নিৰ্মাণ হ’ব আন এখন নতুন দলং, কেন্দ্ৰীয় মন্ত্ৰীৰ ঘোষণা... 2

দলঙখনৰ সন্দৰ্ভত টুইটযোগে গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

প্ৰধানমন্ত্ৰী গতিশক্তি ভিজনৰ আধাৰত নিৰ্মাণ কৰিব লগা দলঙখনৰ বাবে ইতিমধ্যে চৰকাৰে ৯৯৬.৭৫ কোটি টকাৰ অনুমোদন জনাইছে বুলি মন্ত্ৰীগৰাকীয়ে টুইটত সদৰি কৰিছে।

তথ্য অনুসৰি, দলঙখন NHAI আৰু ৰে’ল বিভাগে একেলগে নিৰ্মাণ কৰিব। ৰে’ল পথো থকা এই দুইখলপীয়া দলঙখনৰ বাবে NHAIয়ে ব্যয় কৰিব ৩২২ কোটি টকা।

দলঙখনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিব বুলিও তেওঁ টুইটত উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।