শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাটৰ বাল্য ভৱনত মুখ্যমন্ত্ৰী, শৈশৱৰ কথা মনত পেলাই হৈ পৰিল আৱেগিক…

শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাটৰ বাল্য ভৱনত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আছে যোৰহাটৰ সৈতে এক বিশেষ সম্পৰ্ক।

১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল যোৰহাটৰ মিছন হাস্পতালত। চাকৰি সূত্ৰে হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ সেই সময়ত যোৰহাটত আছিল। যোৰহাট নগৰৰ জেবি ৰোডৰ দৰঙিচুকৰ এটি ভাড়াঘৰত আছিল হিমন্ত বিশ্ব শৰ্মাৰ পিতৃ-মাতৃ।

সেই সময়ত পিতৃয়ে তেওঁক নাম লগাই দিছিল যোৰহাটৰ বাল্যভৱনত।

মন্ত বিশ্ব শৰ্মাই ১৯৭২–৭৩ চনত যোৰহাটৰ বাল্যভৱনৰ নিম্ন আৰু উচ্চ শ্ৰেণীত আনুষ্ঠানিক শিক্ষাৰ আদিপাঠ আৰম্ভ কৰিছিল। যোৰহাটত থকা সময়ত কণমানি হিমন্ত বিশ্ব শৰ্মাক সমনীয়াসকলে মাতিছিল নিতুল বুলি।

বৃহস্পতিবাৰে যোৰহাটৰ বাল্য ভৱনত উপস্থিত হৈ নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। 

যোৰহাটৰ বাল্যভৱন বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিজে পঢ়া বিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে শৈশৱৰ কথা মনত পেলাই আৱেগিক হৈ পৰে৷

পৰিদৰ্শন কালত শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মোহন, কৃষি মন্ত্ৰী অতুল বৰা,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, দেৰগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ভবেন ভৰালী,টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱা,যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

image 2021 08 19 172049
শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰা যোৰহাটৰ বাল্য ভৱনত মুখ্যমন্ত্ৰী, শৈশৱৰ কথা মনত পেলাই হৈ পৰিল আৱেগিক... 3

মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ৰ ৰেজিষ্টাৰ বুকখন চাই তাত বিদ্যালয়খনলৈ এটি শুভেচ্ছা বাণীও লিখে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বাল্যভৱনৰ এটা বিশেষ সুনাম আছিল। ইয়াত অধ্যয়ন কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গৌৰৱৰ কাৰণ আছিল। বিদ্যালয়খনৰ এটা বিশেষ পৰম্পৰা আছিল। মণ্টেছৰী শিক্ষা অসমৰ ভিতৰত যোৰহাট বাল্য ভৱনতে আৰম্ভ হৈছিল। মই ইয়াত মিড ডে মিল খাইছিলো ১৯৭২ চনত। বৰ্তমান এই মিড ডে মিল ব্যৱস্থাক সমগ্ৰ দেশে স্বীকৃতি দিছে।

655423 IMG 20210510 WA0003

বাল্য ভৱনৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা তেওঁৰ ভাতৃকেইগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালে কৰিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই। কিয়নো মুখ্যমন্ত্ৰীগৰাকীৰ আটাইকেইজন ভাতৃয়ে অধ্যয়ন কৰিছিল বাল্যভৱনতে।

আনহাতে, মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই যোৰহাট বাল্য ভৱনৰ উন্নয়নৰ বাবে এক কোটি টকা আগবঢ়াব বুলি বিদ্যালয় কৰ্তৃপক্ষক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Comment