নগাঁৱত ৰাইজৰ হাতত কৰায়ত্ত হ’ল চিলনী চোৰ৷
নগাঁও চামগুৰি বাছ আস্থানৰ সমীপত কৰায়ত্ত হয় চিলনী চোৰটো৷
বেংকৰ পৰা টকা উলিয়াই অহা এজন ব্যক্তিৰ টকাৰ বেগ কাঢ়ি পলায়নৰ চেষ্টা কৰোঁতেই ৰাইজে আটক কৰে ফাইজুল কবিৰ নামৰ চিলনী চোৰজন।
ধৃত ফাইজুল কবিৰৰ ঘৰ হোজাই জিলাত বুলি জানিব পৰা গৈছে।
পাছত কাষতেই দায়িত্বত থকা যানবাহন আৰক্ষীক চমজাই দিয়ে চিলনী চোৰটোক৷
ফাইজুৰৰ পৰা জব্দ কৰিছে এ এছ ৩১ ৪৫০৩ নম্বৰৰ এখন পালচাৰ মটৰ চাইকেল৷
উল্লেখ্য যে নগাঁও চহৰৰ ইটাচালী আৰক্ষী চকীৰ অন্তৰ্গত এলেকাসমূহত বিগত ২মাহ ধৰি ব্যাপক হাৰত চুৰি-ডকাইতিৰ ঘটনা বৃদ্ধি পাইছে।
ইতিমধ্যে ফাইজুল কবিৰক গ্ৰেপ্তাৰ কৰি নগাঁও সদৰ থানাত জেৰা চলাইছে আৰক্ষীয়ে।









