NE

তৃতীয় পক্ষৰ সহায়ত নহয়, পৰেশ বৰুৱাৰ সৈতে নিজে কথা পাতিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আলফাৰ সৈতে শান্তি চুক্তিৰ ক্ষেত্ৰত আগ্ৰহী মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা।

তৃতীয় পক্ষৰ সহায়ত নহয়, এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কথা পাতিব আলফা সেনাধক্ষ্য পৰেশ বৰুৱাৰ সৈতে।

পৰেশ বৰুৱাই বিচাৰিলে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে আলোচনাৰ প্ৰসংগত টেলিফোনত কথা পাতিব পাৰিব৷

মুখ্যমন্ত্ৰী শৰ্মাই কয়- ‘যোৱা কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত মই তেওঁৰ পৰা পৰেশ বৰুৱাৰ সৈতে কথা পতাৰ অনুমতি বিচাৰিছিলো৷ গৃহমন্ত্ৰী ডাঙৰীয়াই মোক আলোচনা আগবঢ়াই নিয়াৰ বাবে টেলিফোনত পৰেশ বৰুৱাৰ সৈতে কথা পতাৰ অনুমতি দিছে৷

পৰেশ বৰুৱাই বিচাৰিলে আলোচনাৰ প্ৰসংগত মোৰ সৈতে পোনপটীয়াকৈ টেলিফোনত কথা পাতিব পাৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

লগতে তেওঁ কয়- অনানুষ্ঠানিকভাৱে পৰেশ বৰুৱাৰ সৈতে আমাৰ আলোচনা চলি আছে৷ এই আলোচনা তৃতীয় পক্ষৰ জৰিয়তেহে চলি আছে৷

আলোচনাই গতি লাভ কৰিবলৈ হ’লে আনুষ্ঠানিকভাৱে আৰু পোনপটীয়াকৈ আৰম্ভ হ’ব লাগিব৷ সেয়ে আমি পোনপটীয়াকৈ কথা-বতৰা আৰম্ভ কৰাৰ বাবে আগবাঢ়িছো৷ সময় নিশ্চয় লাগিব৷

পৰেশ বৰুৱায়ো এইক্ষেত্ৰত সঁহাৰি জনাব লাগিব বুলি মত পোষণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *