NE

টি-২০ বিশ্বকাপৰ বাবে মহেন্দ্ৰ সিং ধোনীক ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি

আগন্তুক টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে BCCI য়ে বুধবাৰে ১৫ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে।

ঘোষণা কৰা ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰিব বিৰাট কোহলীয়ে।

লগতে BCCI য়ে টি-২০ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীক পৰামৰ্শদাতা হিচাপে নিৰ্বাচিত কৰে।

মহেন্দ্ৰ সিং ধোনীয়ে বিশ্বকাপত মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ লগতে ভাৰতীয় দলৰ সৈতে থাকি ভাৰতীয় দলটোক পৰামৰ্শ প্ৰদান কৰিব।

ধোনীক ভাৰতীয় দলৰ পৰামৰ্শদাতা হিচাপে নিৰ্বাচিত কৰাৰ পাছতে আনন্দিত হৈ পৰিছে ধোনীৰ অনুৰাগী সকল।

উল্লেখ্য যে, অপেনিং বেটছমেন শিখৰ ধাৱানৰ লগতে লেগস্পীনাৰ য়ুবেন্দ্ৰ চাহালক দলৰ পৰা বাদ দিয়া হৈছে।

ইয়াৰ পৰিৱৰ্তে ২০১৭ চনৰ পাছত প্ৰথমবাৰৰ বাবে টি-২০ দললৈ প্ৰত্যাৱৰ্তন ঘটিছে তাৰকা অফস্পীনাৰ ৰবিচন্দ্ৰণ আশ্বিনৰ।

সূৰ্য্যকুমাৰ যাদৱ, ইষাণ কিষাণ, ৰাহুল চাহাৰ আৰু বৰুণ চক্ৰৱৰ্তীয়ো ভাৰতীয় দলত স্থান লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *